ৰঙাপৰাত মে' দিৱস উদযাপন - rangapara
ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন ৷ মে' দিৱস উপলক্ষে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে চাহ মজদুৰ সংঘৰ শ্ৰমিকসকলে ৷
ৰঙাপৰাত মে' দিৱস উদযাপন
ৰঙাপৰা, 1 মেঃ সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰৰ ৰঙাপৰাতো অখিল ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ চি আই টিউয়ে উদযাপন কৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস। প্ৰতিকূল বতৰৰ বাধা নেওচি ৰঙাপৰাৰ ইউনিয়ন থিয়েটাৰ হ'ল প্ৰাংগণত ৰঙা পতাকা উত্তোলন কৰে বিশিষ্ট বুদ্ধিজীৱি গজেন বৰাই। শ্বহীদ তৰ্পনৰ পাচতে শ্ৰমিক ৰাইজে হাতে হাতে পতাকা লৈ সাংস্কৃতিক শোভাযাত্ৰাৰে পৰিক্ৰমা কৰে সমগ্ৰ নগৰ ।