অসম

assam

By

Published : Aug 19, 2019, 11:26 PM IST

ETV Bharat / state

টাৱাঙৰ নুৰানং জলপ্ৰপাতত সন্ধানহীন যুৱক

নুৰানং জলপ্ৰপাতত 17 আগষ্টত সন্ধানহীন হৈছিল দৰ্জি নৰবুৰ নামৰ যুৱকজন ৷ জং জলপ্ৰপাতৰ পৰা পিচলি পৰি সন্ধানহীন হৈছিল যুৱকজন ৷

টাৱাঙৰ নুৰানং জলপ্ৰপাতত সন্ধানহীন যুৱক

তেজপুৰ,১৯ আগষ্ট: পশ্চিম অৰুণাচলৰ টাৱাং জং চেক্টৰৰ নুৰানং জলপ্ৰপাতত 17 আগষ্টত সন্ধানহীন হৈছিল দৰ্জি নৰবুৰ নামৰ যুৱকজন ৷ জং জলপ্ৰপাতৰ পৰা পিচলি পৰি সন্ধানহীন হৈছিল যুৱকজন ৷ বিগত দুদিন ধৰি সন্ধানহীন যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰা নাই ৷ যাৰ বাবে সন্ধানহীন যুৱকজন টোৱানচু নদীলৈ উটি অহা বুলি আশংকা কৰি উদ্ধাৰকাৰী দলক অতি সাৱধানতাৰে উদ্ধাৰ কাৰ্য চলাবলৈ আহ্বান জনায় টাৱাং জিলাৰ উপায়ুক্ত ছাংগে ফুনটুছুৱে ৷

আনহাতে, জিলা উপায়ুক্তই কাষৰীয়া গাঁওবুঢ়া স্থানীয় ৰাইজ আৰু এচ ডি আৰ এফ বাহিনীকো উদ্ধাৰ অভিযানত সাবধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, নুৰানং জলপ্ৰপাত টাৱাং তথা পশ্চিম অৰুণাচলৰ ভিতৰত অন্যতম জলপ্ৰপাত ৷ ইয়াৰ কাষতে আছে জং জলবিদ্যুৎ প্ৰকল্প ৷ এই জলপ্ৰপাত চাবৰ বাবে এই সময়চোৱাত যথেষ্ট পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

টাৱাঙৰ নুৰানং জলপ্ৰপাতত সন্ধানহীন যুৱক

ABOUT THE AUTHOR

...view details