ৰঙাপৰা, 14 ছেপ্তেম্বৰ:ৰঙাপৰাত মানশিৰি নৈৰ খহনীয়াই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ৰাজপথ, ঘৰ, কৃষিভূমি সকলো জাহ যোৱাৰ পাচত সম্প্ৰতি নৈৰ বুকুত বিলিন হোৱাৰ উপক্ৰম হৈছে এটা মছজিদ ৷ চৰকাৰলৈ বাট নাচাই গুদামঘাট কছাৰী গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে নিজাববীয়াকৈ মানশিৰি নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও, সেইয়া পৰ্যাপ্ত নহয় ৷
উল্লেখ্য যে, স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা ভুগি অহা বান-খহনীয়াৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা সেই সমস্যাৰ সমাধান নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ, বিভাগীয় কৰ্তৃপক্ষই কেৱল বাঁহ কেইডালমানেৰেহে প্ৰতি বছৰে খহনীয়া ৰোধৰ চেষ্টা কৰি আহিছে ৷ কিন্তু সেই বাঁহবোৰ ছমাহ নহওতেই জহি খহি যায় ৷