ৰঙাপৰা, 23 জুন : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা গাভৰু নদীয়ে ব্যাপক গৰাখনীয়াৰ সৃষ্টি কৰিছে(Flood in Sonitpur) । নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে মিছামাৰীৰ বঙালগাঁও আৰু থেকেৰাজুলি গাঁৱৰ বহুলোকৰ মাটি-ভেটি তথা কৃষক ৰাইজৰ শ-শ বিঘা কৃষিভূমি(Massive erosion of Gabhoru River in Misamari) । শেহতীয়াকৈ নৈখনৰ বুকুত জাহ গৈছিল পাঁচটা পৰিয়ালৰ মাটি-ভেটি ।
অতি পৰিতাপৰ বিষয় যে, দৰিদ্ৰ ৰাইজে লাভ কৰা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহও জাহ গ'ল নৈৰ বুকুত । নৈপৰীয়া একাংশ ৰাইজে উপায়বিহীন হৈ নিজে সাজি উলিওৱা পকীগৃহ নিজৰ হাতেৰে ভাঙি সম্প্ৰতি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গঞা ৰাইজে । নৈখনত তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত খহনীয়াই কালৰূপ ধাৰণ কৰিছে ।