তেজপুৰ, 18 মে': বিষাক্ত কাঠফুলা ভক্ষণ কৰি চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 16 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে (Many lost their lives by April after consuming poisonous mushrooms) ৷ কেৱল চৰাইদেও জিলাতে এইধৰণৰ বিষাক্ত কাঠফুলা সেৱন কৰি এই বছৰটোত বৰ্তমানলৈকে ৭ জন লোকৰ মৃত্যু হৈছে । জিলাখনৰ স্বাস্থ্য বিভাগৰ চাৰ্ভিলে়ঞ্চ বিষয়া ডাঃ দ্বাৰকা চাহুৱে প্ৰকাশ কৰিছে এই তথ্য । গাঁওখনত শেহতীয়াকৈ বিগত 13 মে'ৰ নিশাও বিষাক্ত কাঠফুলা সেৱন কৰি বিনোদ বাসুমতাৰী( ৪০) নামৰ এজন লোক গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।
বিষাক্ত কাঠফুলা সেৱন কৰাটো বেছিকৈ দেখিবলৈ পোৱা যায় অসমৰ চাহ বাগিচা সমূহত । ডিব্ৰুগড়ৰ এখন চাহ বাগিচাত বিগত ৮ এপ্ৰিলত ৰাজেশ খেৰীয়া নামৰ এজন লোকে বাগিচাৰ কাষৰ পৰা এনে কাঠফুলা আনি বিভিন্নজনৰ লগত সেৱন কৰাৰ ফলত ১১ জনকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হয় । পিছত ইয়াৰে তিনিজন লোকৰ মৃত্যু ঘটে । স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমানলৈকে তিনিচুকীয়া জিলাত এই কাঠফুলা সেৱন কৰি অসুস্থ হোৱা লোকৰ সংখ্যা ১৪ জন ৷ ইয়াৰ ভিতৰত ফিল'বাৰী চাহ বাগিচাত ১০ জন আৰু শদিয়া শিমলুগুৰিৰ চাৰিজন (Wild mushrooms cause death in Assam tea garden) ৷
আনহাতে, শিৱসাগৰ জিলাত এই সময়চোৱাত ৪ জন অসুস্থ হোৱাৰ পিছত ২ জনৰ মৃত্যু হয় । চৰাইদেও মহকুমাৰ অন্তৰ্গত টিঙালী বাম চাহ বাগিচাত ৮ জন অসুস্থ হোৱাৰ বিপৰীতে ৭ জনৰ মৃত্যু হয় ৷ একেদৰে নাফুক চাহ বাগিচাত ৪ জন লোক আক্ৰান্ত হয় যদিও পিছলৈ আটাইকেইজন সুস্থ হৈ উঠে । চাহ বাগিচা অঞ্চলৰ লোকৰ মাজত থকা আৰ্থিক দৈন্যতা আৰু শিক্ষাৰ অভাবেই হৈছে বিষাক্ত কাঠফুলা সেৱনৰ অন্যতম কাৰণ ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰা চৰাইদেও জিলাৰ বিনোদ বাসুমতাৰীৰ পত্নী ৰূপা বসুমতাৰীয়ে কয় যে তেওঁৰ স্বামী এগৰাকী দিন হাজিৰা কৰা লোক ৷