নিউজ ডেস্ক,৪ জুন:ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে(Assam police against drugs) ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ শেহতীয়াকৈ বৃহস্পতিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্ত চলোৱা ড্ৰাগছবিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল কেইবাটাও সৰবৰাহকাৰী(Anti-drug campaign continues) । জব্দ কৰা হ'ল বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
শোণিতপুৰতো অব্যাহত ড্ৰাগছবিৰোধী অভিযান । চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটত অভিযান চলায় ৫৭ টা কন্টেইনাৰ লগতে চাবোনৰ কেচত প্লাষ্টিকৰে মেৰিয়াই থোৱা অবস্থাত জব্দ কৰিবলৈ সক্ষম হয় ব্ৰাউনচুগাৰ । লগতে আটক কৰে ইকবাল হুছেইন নামৰ এজন যুৱকক(One arrested with drugs in Sonitpur) । জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য কেইবালক্ষাধিক টকা হব বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে শুকুৰবাৰে অৰুণাচলৰ এজন যুবকক ড্ৰাগছসহ আটক কৰিছিল চাৰিদুৱাৰ আৰক্ষীয়ে আৰু সেই যুৱকজনৰ ভাষ্যৰ ভিত্তিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ ।
ইফালে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । তিনিচুকীয়া হিজুগুৰিৰ পৰা ড্ৰাগছ লৈ আহি থাকোতে চাবুৱাত আটক কৰা হয় এজন যুৱকক(One arrested with drugs in Tinsukia) । পানীতোলা বৰুৱাহোলাৰ সৌৰভ দাস নামৰ যুৱকজনক ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰাৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য । যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.৮৩ গ্ৰাম ড্ৰাগছ ।