তেজপুৰ, ৩১ মাৰ্চ : তেজপুৰস্থিত গজৰাজ ক'ৰ্পছৰ নৱনিযুক্ত কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মণীষ এৰিৰ দায়িত্বভাৰ গ্ৰহণ (Lt General Manish Erry commander of Gajaraj corps Tezpur) ৷ তেওঁ পূৰ্বৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাৰ পৰা শুকুৰবাৰে গজৰাজ ক'ৰ্পছৰ তেজপুৰ কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখ্য, গজৰাজ ক'ৰ্পছ হৈছে উত্তৰ-পূব সীমান্তৰ কামেং খণ্ডৰ দায়িত্বত থকা অতি গুৰুত্বপূৰ্ণ সেনাৰ মুখ্যালয় । লেফটেনেণ্ট জেনেৰেল মণীষ এৰি হৈছে ভাৰতীয় সেনাৰ পদাতিক বাহিনীৰ বিষয়া । ১৯৮৮ চনৰ ডিচেম্বৰ মাহত তেওঁ জে কে এল আইত কমিছন লাভ কৰি ৰাজহুৱা প্ৰশাসন, নতুন দিল্লীৰ দায়িত্ব আছিল (Manish Erry new commander of Gajraj Corps Tezpur) ।
লগতে পঢ়ক :Indore Temple Tragedy: মধ্যপ্ৰদেশৰ মন্দিৰত কুঁৱাত পৰি হোৱা মৃত্যুৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি
উল্লেখ্য যে জেনেৰেল মণীষ এৰিয়ে ডিএছএছচি ৱেলিংটনৰ ষ্টাফ পাঠ্যক্ৰম গ্ৰহণ কৰিছে (Staff Course at DSSC Wellington) । আনহাতে, ছেকেন্দ্ৰাবাদত উচ্চতৰ প্ৰতিৰক্ষা ব্যৱস্থাপনা পাঠ্যক্ৰম অধ্যয়ন কৰিছে । ইয়াৰ উপৰি তেওঁ নতুন দিল্লীৰ ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠানত (Indian Institute of Public Administration) ৰাজহুৱা প্ৰশাসনত উন্নত পেছাদাৰী কাৰ্যসূচীত (APPPA Course) অংশগ্ৰহণ কৰিছে ।