অসম

assam

ETV Bharat / state

ম্যানমাৰৰ জুণ্টা আৰ্মীৰ ভাইৰেল ভিডিঅ'ক লৈ সষ্টম মণিপুৰ আৰক্ষী - Manipur violence

মণিপুৰ আৰক্ষীৰ নিৰ্দেশনাত কোৱা হৈছে যে মণিপুৰৰ সৈতে জড়িত ঘটনা হিচাপে ম্যানমাৰৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে । এই ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে । এনে ভুৱা বাতৰি প্ৰচাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে ।

Manipur police on junta army viral video
ম্যানমাৰৰ জুণ্টা আৰ্মীৰ ভাইৰেল ভিডিঅক লৈ সষ্টম মণিপুৰ আৰক্ষী

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:00 PM IST

তেজপুৰ, ৫ ডিচেম্বৰ : মণিপুৰৰ টেংগন'পাল জিলাত সোমবাৰে সংঘটিত গুলীয়াগুলীৰ ঘটনাত ১৩ জন লোকৰ মৃত্যু হয় । আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ বাবে তৎপৰ হৈ পৰিছে মণিপুৰ আৰক্ষী । ইয়াৰ পিছতে মণিপুৰ আৰক্ষীয়ে তেওঁলোকৰ এক্স হেণ্ডেলত এক নিৰ্দেশনা জাৰি কৰিছে ।

মণিপুৰ আৰক্ষীৰ জাননী

নিৰ্দেশনাটোত কোৱা হৈছে যে মণিপুৰৰ সৈতে জড়িত ঘটনা হিচাপে ম্যানমাৰৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে । এই ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে । লগতে এনে ভুৱা বাতৰি প্ৰচাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মণিপুৰ আৰক্ষীয়ে জাৰি কৰা জাননীখনত কোৱা হৈছে ।

উল্লেখ্য যে ভিডিঅ'টোৰ লগত উল্লেখ কৰা হৈছে যে ম্যানমাৰৰ জুণ্টা আৰ্মীৰ লোকৰ ওপৰত অত্যাচাৰ হৈছে আৰু বহুতো লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সৰু-ডাঙৰ বহু জুণ্টা আৰ্মীৰ শতাধিক লোকক উত্তৰ-পূব, উত্তৰ-দক্ষিণ পূব অঞ্চলত গ্ৰেপ্তাৰ কৰি আৰ্মীৰ বৃহৎ ক্ষতিসাধন কৰিছে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ম্যানমাৰৰ বিদ্ৰোহী সংগঠনে দেশৰ শাসকীয় সামৰিক জুণ্টা বাহিনীক আক্ৰমণ কৰিছিল ।

'ব্ৰাদাৰহুড এলায়েন্স' বিদ্ৰোহী সংঘই ম্যানমাৰৰ ভূমি আৰু সামৰিক সম্পত্তি দখল কৰিছিল । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তিনি শতাধিক জুণ্টা জোৱান আৰু মিলিচীয়া মিত্ৰই বিদ্ৰোহী বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছিল । ২০২০ চনত সামৰিক অভ্যুত্থানৰ পিছৰে পৰা 'নেচনেল লীগ ফৰ ডেম’ক্ৰেচী'ৰ (এনএলডি) ৪০ জনৰো অধিক সাংসদ আৰু বিধায়ককে ধৰি ৩০ হাজাৰৰো অধিক ম্যানমাৰ নাগৰিকে মিজোৰামত আশ্ৰয় বিচাৰিছে ।

এনএলডিৰ নেতৃত্বত আছে নোবেল বিজয়ী আৰু ম্যানমাৰৰ আটাইতকৈ বিশিষ্ট ৰাজনৈতিক আং ছান ছু কী । শৰণাৰ্থীসকলক গীৰ্জা আৰু বেচৰকাৰী সংস্থাই আশ্ৰয় প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰেও সহায় কৰিছে । আনহাতে, মণিপুৰৰ টেংগন'পালৰ ঘটনাৰ পাছত মণিপুৰ আৰক্ষীয়ে কোনো নতুন তথ্য প্ৰকাশ কৰা নাই যদিও স্থানীয় সূত্ৰ মতে, গাঁৱৰ লোকে দুদিন পূৰ্বে ২০ জনীয়া এক অস্ত্ৰধাৰী লোকক উক্ত অঞ্চলটোত প্ৰৱেশ কৰা দেখা পাইছিল আৰু লগে লগেই গাঁৱৰ স্থানীয় সুৰক্ষা বাহিনী সষ্টম হৈ পৰে ।

সুৰক্ষা বাহিনীয়ে সন্দেহ কৰিছে যে এই নিহত লোকসকল আনকি ম্যানমাৰৰ উগ্ৰপন্থীও হ’ব পাৰে । কিয়নো লেইথাওৰ পৰা ওচৰৰ পাহাৰৰ কাষেৰে ম্যানমাৰৰ পৰা অহা উগ্ৰপন্থীয়ে মণিপুৰত প্ৰৱেশৰ বাবে এই সাধাৰণ পথ ব্যৱহাৰ কৰে ।

লগতে পঢ়ক :মিজোৰাম বিধানসভালৈ নিৰ্বাচিত সৰ্বকনিষ্ঠ বিধায়ক বেৰীল ৱান্নেইছাংগি কোন ?

ABOUT THE AUTHOR

...view details