তেজপুৰ, ২০ ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে মণিপুৰ ক্ৰিকেট সন্থাৰ (এমএনচিএ) প্ৰাক্তন সচিব ছিঙ্গম প্ৰিয়ানন্দ সিঙক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে বিচিচিআইৰ মেচ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে । উল্লেখ্য যে মেচখন অহা ২২ ছেপ্টেম্বৰত মোহালিৰ পঞ্জাব ক্ৰিকেট এছোচিয়েচনৰ আইএছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।
তেওঁ বুধবাৰে ইম্ফলৰ পৰা পঞ্জাবৰ মোহালি অভিমুখে ৰাওনা হ'ব বুলি জানিব পৰা গৈছে । আনহাতে, মণিপুৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাজকুমাৰ ইমো সিঙে প্ৰিয়ানন্দ সিঙক এনে গুৰুত্বপূৰ্ণ দায়িত্বত নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনাইছে । লগতে অতীজত আৰু বৰ্তমান ৰাজ্যিক সংস্থাটোৰ প্ৰশাসক আৰু বিষয়াসকলৰ ওপৰত বিশ্বাস ৰখাৰ বাবে বিচিচিআইক কৃতজ্ঞতা জ্ঞাপন কৰে ।
তেওঁ লগতে কয় যে মণিপুৰ ক্ৰিকেট সন্থাৰ বাবে এইটো এক গৌৰৱৰ মুহূৰ্ত । আনহাতে, মণিপুৰ ক্ৰিকেট সন্থাৰ বৰ্তমানৰ সচিব লেইচাংথেম ৰোনেল সিঙেও প্ৰিয়ানন্দ সিঙক অভিনন্দন জ্ঞাপন কৰিছে । লগতে তেওঁ বিশ্বাস ব্যক্ত কৰে যে বিচিচিআইৰ পৰা লাভ কৰা এনে নিযুক্তি আৰু দায়িত্বসমূহে নিঃসন্দেহে ৰাজ্যখনত ক্ৰিকেটৰ বাবে অধিক আশাব্যঞ্জক ভৱিষ্যতত অৰিহণা যোগাব ।