অসম

assam

By

Published : Jul 11, 2023, 11:01 PM IST

ETV Bharat / state

Manipur Violence: মুখ্য সচিব আৰু নিৰাপত্তা উপদেষ্টাৰ ৰাজ্যপালক সাক্ষাৎ

মণিপুৰ চৰকাৰৰ মুখ্য সচিব ড৹ বিনীত যোশী আৰু মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে মণিপুৰৰ ৰাজ্যপাল মিছ অনুসূয়া উইকীক সাক্ষাৎ কৰে আৰু তেওঁলোকে ৩ মে’ত সংঘটিত হোৱা জাতিগত সংঘৰ্ষৰ ফলত ৰাজ্যখনৰ আইন-শৃংখলাৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে ।

Tezpur Sonitpur Manipur Governor
মুখ্য সচিব আৰু নিৰাপত্তা উপদেষ্টাৰ ৰাজ্যপালক সাক্ষাৎ

তেজপুৰ, 11 জুলাই : মঙলবাৰে মণিপুৰৰ মুখ্য সচিব ড৹ বিনীত যোশী আৰু মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে ৷ সাক্ষাতত তেওঁলোকে মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বিষদভাৱে আলোচনা কৰে ৷

ৰাজ্যপালে তেওঁলোকৰ সৈতে এই বিষয়টোৰ ওপৰত আলোচনা কৰি সংশ্লিষ্ট সকলো অংশীদাৰক জড়িত কৰি এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণ পৰিস্থিতি ঘূৰাই অনাৰ উপায়সমূহ অন্বেষণ কৰে । বহু আলোচনা-বিলোচনাৰ অন্তত ৰাজ্যপালে তেওঁলোকক চৰকাৰে তলত দিয়া কামবোৰ ক্ষিপ্ৰতাৰে কৰিবলৈ পৰামৰ্শ দিলে-

  • গ্ৰহণ কৰা পদক্ষেপ আৰু সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতিক্ৰিয়া প্ৰাপ্ত কৰিবলৈ নিৰীক্ষণ সমিতিৰ সাপ্তাহিক বৈঠক আহ্বান কৰা;
  • পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰি কৃষি কাৰ্যকলাপৰ ব্যৱস্থা;
  • অন্যান্য চিকিৎসা মহাবিদ্যালয়ত আসনৰ উপলব্ধতা অনুসৰি স্থানচ্যুত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক ঠাই দিবলৈ ভাৰতীয় চিকিৎসা পৰিষদৰ কাষ চপা;
  • শৰণাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ সকলো সাহায্য শিবিৰতে পৰ্যাপ্ত ঔষধ যোগান ধৰাৰ লগতে মনোৰঞ্জনৰ সঁজুলিও যোগান ধৰা; প্ৰতিজন স্থানচ্যুত ব্যক্তিক 1000/- টকাকৈ দিয়া, যাৰ ভিতৰত ইতিমধ্যে 500/- টকা মঞ্জুৰ কৰা হৈছে আৰু প্ৰয়োজন হ’লে পৰ্যাপ্ত দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে বাকী থকা 500/- টকাৰ মুকলি কৰাৰ ব্যৱস্থা কৰা,
  • যদি প্ৰয়োজন হয়, ব্যৱসায়ীসকলক সংশ্লিষ্ট সাহায্য শিবিৰত অত্যাৱশ্যকীয় সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়া ;
  • সেই স্থানচ্যুত লোকসকলৰ পুনৰ বসতি স্থাপনৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ বাবে অস্থায়ী ঘৰ নিৰ্মাণ কৰাৰ লগতে ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰণ মুকলি কৰা ৷
  • স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা কৰা;
  • ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতি নিৰীক্ষণৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰা;
  • “No work, No Pay” ব্যৱস্থাৰ পুনৰীক্ষণ কৰা
  • শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সকলো ৰাজনৈতিক দল, সকলো নাগৰিক সমাজ সংগঠন, সুৰক্ষা বাহিনী আদিৰ বৈঠক ৰাজভৱনত অনুষ্ঠিত কৰা ।

লগতে পঢ়ক :Army chief in Manipur: মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ সেনা প্ৰধানৰ

ABOUT THE AUTHOR

...view details