তেজপুৰ, 18 নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ এটুকুৰা সৰু ঠাই মাণ্ডেলা(Mandela) । পশ্চিম কামেং জিলাৰ ডিৰাঙৰ পৰা মাত্ৰ 30 কিলোমিটাৰ নিলগত অৱস্থিত এই সুন্দৰ ঠাইখন । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইখনত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে আছে এক সুকীয়া বৈশিষ্ট্য ।
পৰ্যটনৰ আকৰ্ষণস্থলী এই মাণ্ডেলা সাগৰপৃষ্ঠৰ পৰা 10,000 ফুট উচ্চতাত অৱস্থিত এখনি ঠাণ্ডা, শান্তিময় আৰু বৰফেৰে আৱৰা ঠাই ৷ বৰফে ঢাকি ৰখা পাহাৰসমূহৰ সন্মুখত প্ৰত্যক্ষ কৰিব পাৰি এক অপূৰ্ব নান্দনিক দৃশ্য । মাণ্ডেলা খ্যাত এই স্থানত স্থাপন কৰা হৈছে 108 টা বৌদ্ধ স্তূপ ।
শাৰী-শাৰীকৈ স্থাপন কৰা এই বৌদ্ধ স্তূপত আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে । মনৰ শান্তি আৰু আত্মাৰ সন্তুষ্টি প্ৰাপ্ত হোৱা স্তূপসমূহত বুদ্ধ ভিক্ষু তথা Monk সকলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । মাণ্ডেলা টপ(Mandela Top) হৈছে 108 টা বৌদ্ধ স্তূপৰ এটা শৃংখলা, যাক অৰুণাচল প্ৰদেশৰ এখন পৰ্বতৰ ওপৰত এটা বৃত্তত নিৰ্মাণ কৰা হৈছে । 2018 চনত ইয়াক নিৰ্মাণ কৰা হৈছিল ।