অসম

assam

By

Published : Dec 25, 2019, 10:49 PM IST

ETV Bharat / state

মানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীক উদ্দেশ্যি ভাষণত কৈছিল যে অসমৰ মানুহে এই আইনৰ বিষয়ে বুজিব পৰা নাই । শিল্পী মানস ৰবীনে ইয়াৰ উত্তৰত কয় যে অসমৰ মানুহ নুবুজা নহয় সকলোৱে জানে আৰু সেয়ে এই প্ৰতিবাদ কৰিছে ।

Manas Rabin talks about CAA
মানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক

তেজপুৰ ,২৫ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধত প্ৰতিবাদ ৷ শোণিতপুৰৰ ঢেকীয়াজুলিৰ কাৱৈমাৰিত শোণিতপুৰ জিলা সাংবাদিক সন্থা, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ,পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্র সন্থা আৰু শোণিতপুৰ জিলা চাওঁতাল ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদী গণ সমাৱেশত অংশগ্ৰহণ কৰে অসমৰ তিনিজন শিল্পী মহেন্দ্ৰ হাজৰিকা, মানস ৰবীন আৰু বিপিন চাউদাঙে ।

প্ৰতিবাদস্থলীৰ পৰাই শিল্পী মানস ৰবীনে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই যে এই নাগৰিকত্ব সংশোধনী আইন যদি কোনো যদি বুজিব পৰা নাই তেনেহলে সমগ্ৰ অসমত আজি ৰাইজ কিয় ওলাই আহিল । ছাত্ৰ সমাজ , আই আই টি, বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল তথা সাংবাদিক, শিল্পী সকলে প্ৰতিবাদ কিয় কৰিছে । উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীক উদ্দেশ্যি ভাষণত কৈছিল যে অসমৰ মানুহে এই আইনৰ বিষয়ে বুজিব পৰা নাই । শিল্পী মানস ৰবীনে ইয়াৰ উত্তৰত কয় যে অসমৰ মানুহ নুবুজা নহয় সকলোৱে জানে আৰু বুজি এই প্ৰতিবাদ কৰিছে । এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাই দেশ প্ৰেমমুলক গীতেৰে গণ সভাত অংশগ্ৰহণ কৰে ।

মানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক
আনহাতে প্ৰায় 5 হাজাৰ লোকৰ সমাগম হোৱা এই সভাত অংশগ্ৰহণ কৰি বিপ্লৱী শিল্পী বিপিন চাউদাঙে কয় যে চৰকাৰে এইবাৰ শিল্পীৰ নামত ৫০ হাজাৰ টকা ঘোষণা কৰিছে আৰু মই চৰকাৰক অনুৰোধ কৰিছো যে এই আইন বাতিল কৰক মই চৰকাৰক ১ লাখ টকা পুৰস্কাৰ দিম । লগতে বিজেপিৰ একাংশ লোকে ফ’ন কৰি বিপিন চাউদাঙক বিপ্লৱী গান পৰিবেশন নকৰিবলৈ অনুৰোধ কৰে বুলি তেওঁ জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details