তেজপুৰ, ৩১ আগষ্ট : তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । তেজপুৰ কছাৰিগাঁও আৰক্ষীৰ অন্তৰ্গত কছাৰিগাঁও অঞ্চলত সুব্ৰত দাস গুপ্ত ওৰফে টুকুৰ নামৰ এজন যুৱকক নিজ বাসগৃহৰ ভিতৰতে শোৱাপাটীতে ডিঙি কাটি হত্যা কৰে । এই ঘটনা পোহৰলৈ অহাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে সন্দেহ কৰা অনুসৰি এই ঘটনা নিশা সংঘটিত হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত ঘৰৰৱ পৰিয়ালৰ লোকে সুব্ৰতৰ কোঠাৰ দুৱাৰ খোলা হৈ থকা দেখা পাই বিচনাত লেপ ডাঙি চাওঁতেই ডিঙি কাটি তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত সুব্ৰতৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ লগে লগে পৰিয়ালৰ লোকৰ মাজত হুৱা দুৱাৰ সৃষ্টি হয় ৷
মৃত লোকজনৰ কণিষ্ঠ ভাতৃয়ে জনোৱামতে সুব্ৰতৰ কোঠাত নিতৌ বন্ধু মহলৰ সৈতে আড্ডা চলে, বুধবাৰেও নিশা পাৰ্টীত কোনো অজ্ঞাত বন্ধুৰ লগত বাক বিতণ্ডা হোৱা শুনা পাইছিল তেওঁলোকে । ইয়াৰ পিচতে আজিৰ সন্ধিয়ালৈকে কোঠাৰ পৰা সুব্ৰত ওলাই নহাত পৰিয়ালৰ লোকে চিন্তিত হয় ৷ অৱশ্যে সুব্ৰতৰ পূৰ্বেও বিয়লি ভাগলৈ শুই থকাৰ অভ্যাস আছিল ৷