অসম

assam

By

Published : Dec 20, 2020, 1:52 PM IST

ETV Bharat / state

ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । শনিবাৰে নিশা হাতীৰ আক্ৰমণত মত্যু হ’ল তাৰাজুলি চাহ বাগিচাৰ এজন শ্ৰমিকৰ ৷

man elephant conflict incised at rangapara, death one
ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

ৰঙাপৰা,20 ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চলৈ ওলাই অহা বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰি অহাৰ সময়তে শণিবাৰে নিশা ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই এজন শ্ৰমিকে ৷

ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

শণিবাৰে নিশা ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তাৰাজুলি চাহ বাগিচাৰ ২ নং শ্ৰমিক লাইনত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম হৈছে সুপল বৰাইক ৷ বনৰীয়া হাতীটোৱে সুপল বৰাইকৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে ৰাজেন্দ্ৰ দোগ্গাৰ নামৰ লোকজনৰ সুলভ মূল্যৰ দোকানৰ পকীবেৰ ভাঙি চাৰি বস্তা চাউল ভক্ষণ কৰে। উল্লেখ্য যে বিগত ৬ মাহত ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত ৪ ব্যক্তিৰ মৃত্যু ঘটিছে ৷

লগতে পঢ়ক:বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details