বন্যহস্তীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী ৰঙাপৰাৰ ৰাইজৰ ৰঙাপৰা,৩ নৱেম্বৰ:শোণিতপুৰ জিলাৰ ৰঙাপৰাত সম্প্ৰতি জাক জাক বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰিছে । ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । ৰঙাপৰাত কেতিয়া যদি হাতী-মানুহৰ সংঘাতত কাৰোবাৰ প্ৰাণ গৈছে, আন কেতিয়া আকৌ বনৰীয়া হাতীৰ উপদ্ৰৱত কৃষকৰ শ শ ভূমিৰ শস্য বিনষ্ট হৈছে । প্ৰণিধানযোগ্য যে চলিত বৰ্ষত শোণিতপুৰ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছে ।
একমাত্ৰ বনাঞ্চল ধ্বংস হোৱাৰ কৰুণ পৰিণতিত বিশেষকৈ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে আৰু যাৰ ফলত ৰাইজে সুঁৱৰিবলগীয়া হৈছে ত্ৰাহিমধূসুধন । ইফালে মিছাৰাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু বালিপৰা-চেঙেলীমৰা সংৰক্ষিত বনাঞ্চলৰ বিপৰীতে ৰঙাপৰাৰ চাহ বাগিচা সমূহ বনৰীয়া হাতীৰ বিচৰণ ভূমিত পৰিণত হৈছে । পৰ্যাপ্ত বিচৰণ ভূমি আৰু খাদ্যৰ সন্ধানত বনাঞ্চলৰ ভিতৰৰ পৰা ওলাই আহিছে জাক জাক বনৰীয়া হাতী ।
ৰঙাপৰাত বনৰীয়া হাতীবোৰ কেইবাটাও ভাগত বিভক্ত হৈ চাহ বাগিচাৰ মাজত আশ্ৰয় গ্ৰহণ কৰা দৃশ্য চিৰপৰিচিত । ইপিনে দিনৰ ভাগত বনৰীয়া হাতীৰ জাকবোৰক একাংশ লোকে এফালে খেদি পঠিয়াই আৰু একাংশই আনফালে খেদি পঠিয়াই । মুঠৰ ওপৰত অলপো শান্তিৰে আশ্ৰয় লৈ থাকিবলৈ নিদিয়ে শান্তিপ্ৰিয় জন্তুটোক । ইয়াৰ মাজতে কেইবাটাও শিহৰণকাৰী দৃশ্যই এতিয়া লাভ কৰিছে বিশেষ চৰ্চা । যি দৃশ্য হয়তো বহুলোকে কাহানিও দেখা নাই । এটা খঙাল হৈ পৰা এটা বনৰীয়া হাতীয়ে এজাক মানুহক কেনেকৈ খেদি নিছে আৰু পিছত মানুহজাকে কেনেদৰে বনৰীয়া হাতীটোক খেদি পঠিয়াইছে ।
এই গাৰ নোম শিহৰি উঠা দৃশ্য হৈছে ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ । ৰঙাপৰাত বনৰীয়া হাতীয়ে ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি ক্ষতি সাধন কৰি অহাৰ সমান্তৰালভাৱে ধাননি পথাৰত থকা ধান খাই-গচকি তহিলং কৰি আহিছে । ধান ভালদৰে নপকোতেই বনৰীয়া হাতীয়ে খেতি পথাৰ তহিলং কৰাত কৃষক ৰাইজে মুৰে-কঁপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাত ৰাজ্যৰ বন বিভাগটো চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ।
লগতে পঢ়ক:Tigers freely roaming:কাজিৰঙাত বাঘে-মানুহে সহবাস কৰিছে, আমিতো কাজিৰঙাৰ মানুহ নহয়-শংকিত ৰাইজ