শোণিতপুৰ,13 নৱেম্বৰ : শোণিতপুৰ জিলাৰ আৰিমৰা চাপৰিত অব্যাহত হাতী-মানুহৰ সংঘাত ৷ জিলাখনৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ আৰিমৰা চাপৰিত 60টা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ সেই সময়তে প্ৰায় চাৰিবছৰীয়া এটা হাতী পোৱালী আঘাতপ্ৰাপ্ত হয় ৷ ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱাৰ সময়তে হাতী পোৱালীটোৰ পাছফালৰ সোঁ ভৰিত আঘাত প্ৰাপ্ত হৈ বিহগুৰিৰ সমীপত অৱস্থান কৰে ৷ বিগত দুদিন ধৰি হাতী পোৱালীটোক মাকে আৱৰি ৰখাৰ বাবে চিকিৎসা কৰাত অসুবিধাৰ সন্মুখীন হৈছিল বন বিভাগ ৷ মঙলবাৰে নিশা হাতী পোৱালিটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰৰ এজন বিশেষজ্ঞ চিকিৎসকক মাতি অনা হয় ৷ প্ৰায় ডেৰ ঘন্টাৰ অন্তত হাতীটোৰ আঘাত প্ৰাপ্ত ভৰিখনৰ চিকিৎসা সম্পূৰ্ণ হৈ উঠে আৰু সুস্থ হ'বলৈ প্ৰায় পোন্ধৰ দিন সময় লাগিব বুলি চিকিৎসকে মন্তব্য কৰে ৷
শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত - শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত
শোণিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ আৰিমৰা চাপৰিত 60টা বনৰীয়া হাতীয়ে সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ সেই সময়তে জাকটোৰ পৰা ওলাই অহা চাৰিবছৰীয়া এটা হাতী পোৱালী আঘাতপ্ৰাপ্ত হয় ৷
শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত