ৰঙাপাৰা, 4 জুলাই:বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত ৰাজ্যবাসীৰ বাবে কোনো নতুন কথা নহয় (Man Elephant conflict in Assam)৷ হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ ৰঙাপৰাৰ বৰজুলি চাহ বাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈছে লোক (Man Elephant conflict at Rangapara)৷
শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে নিশা পুনৰ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷ খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে নিশা প্ৰায় 1 বজাত চাহ বাগিচাখনৰ ষ্টাফ লাইনৰ নিৱাসী তথা বৰজুলি হাইস্কুলৰ শিক্ষক জীৱন প্ৰসাদ উপাধ্যায়ৰ বাসগৃহত সোমাই ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰে পৰিয়ালটো ৷