ৰঙাপৰা, 24 আগষ্ট :ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো অব্যাহত আছেবন্যহস্তীৰ ত্ৰাস৷ বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে ৰঙাপৰাবাসী ৷
শনিবাৰে নিশা খাদ্যৰ সন্ধানত ৰঙাপৰাত বনৰীয়া হাতীৰ এটা জাক বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে ৷ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে সাধাৰণ লোকৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ১৯৫৮ চনত স্থাপিত হোৱা ধেন্দাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ দুখনকৈ পকীবেৰ ভাঙি পেলাই হাতীৰ জাকটোৱে ৷ লগতে বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা চাউল খাই সেই স্থানৰ পৰা আঁতৰি যায় হাতীৰ জাকটো ৷
লগতে পঢ়ক:পাহাৰৰ দাঁতি কাষৰীয়া তপতজুৰিত প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ