চতিয়া, ৯ নবেম্বৰ :একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সমিতিক সামাজিক মাধ্যমত জামুগুৰিহাটৰে অৰূপ শইকীয়া নামৰ যুৱকজনে মৌলবাদী শক্তিৰ লগত তুলনা কৰা কাৰ্যক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ এই লৈ জামুগুৰিহাটত বিভিন্ন দল সংগঠনৰ উপস্থিতিত যোৱা ৭ নবেম্বৰ দেওবাৰে বিয়লি স্থানীয় বাপুজী ভৱনত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷
বাৰেচহৰীয়া ভাওনা সমিতিক মৌলবাদী শক্তিৰে তুলনা কৰি বিপদত অৰূপ শইকীয়া - বাৰেচহৰীয়া ভাওনা
শেহতীয়াকৈ, জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সমিতিক সামাজিক মাধ্যমত জামুগুৰিহাটৰে অৰূপ শইকীয়া নামৰ যুৱকজনে মৌলবাদী শক্তিৰ লগত তুলনা কৰিছিল ৷ এতিয়া ইয়াক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সবিশেষ জানো আহক ৷

বাৰেচহৰীয়া ভাওনা কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত পাচঁশ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা কমিটিক যুৱক অৰূপ শইকীয়াই মৌলবাদী শক্তিৰে পৰিপুষ্ট বুলি মন্তব্য কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কুৰিৰো অধিক দল সংগঠনে । অৰূপ শইকীয়াই সামাজিক মাধ্যমত বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে এনে বিৰূপ মন্তব্য কৰাক লৈ তীব্ৰ ককৰ্থনা কৰা লগতে সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সভাখনিত সৰ্ব্বসন্মত সিদ্ধান্ত মৰ্মে অৰূপ শইকীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
সেই মৰ্মে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভাওনাক এই গৰাকী অৰূপ শইকীয়াই সামাজিক মাধ্যমত হেয় প্ৰতিপন্ন কৰা কাৰ্যৰ বিৰুদ্ধে মঙলবাৰে বাৰেচহৰীয়া ভাওনা কমিটিয়ে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু অৰূপ শইকীয়াৰ বিৰুদ্ধে শীঘ্ৰে আইনগত ব্যৱস্থা লোৱাৰ দাবী জনায় ।
লগতে পঢ়ক :খং উঠিছে বিধায়ক দিগন্ত কলিতাৰ...কিন্তু কাৰ ওপৰত ?