অসম

assam

বানচ প্ৰদানৰ দাবীত ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

By

Published : Sep 28, 2021, 7:22 PM IST

শোণিতপুৰৰ ৰঙাপৰাৰ বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ প্ৰতিবাদ । দুৰ্গা পূজাৰ পূৰ্বে বানচ প্ৰদানৰ দাবী জনাই অসম চাহ মজদুৰ সংঘই ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশ ল'লে শ্ৰমিকসকলে । এই সন্দৰ্ভত এপিজে কোম্পানী কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে তেজপুৰ শাখাৰ কৰ্মকৰ্তাই ।

Majdur union protest at Rangapara
ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

ৰঙাপৰা, ২৮ ছেপ্টেম্বৰ: শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাত কৰ্মৰত শ্ৰমিকক মালিক গোষ্ঠীয়ে বানচ প্ৰদান কৰাৰ পৰম্পৰা পূৰ্বৰে পৰাই চলি আহিছে । পূজাৰ সময়ত চাহ শ্ৰমিকসকলেও বানচ পোৱাৰ আশাত ৰৈ থাকে । কিন্তু এইবেলি এপিজে কোম্পানীৰ মালিক গোষ্ঠীয়ে চাহ শ্ৰমিকক বানচ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰিছে । ৰঙাপৰাত একাংশ চাহ বাগিচাৰ মালিক গোষ্ঠীয়ে বানচ প্ৰদান কৰিছে যদিও এপিজে কোম্পানীয়ে শ্ৰমিকক বানচ দিয়া নাই ।

ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

মঙলবাৰে পুৱা অসম চাহ মজদুৰ সংঘৰ তেজপুৰ সমিতিৰ অধীনত থকা শাখা সমিতিয়ে ৰঙাপৰাৰ বৰজুলি চাহ বাগিচা, ঘইৰালি চাহ বাগিচা, চেঁচা চাহ বাগিচা, ধূলাপাদুং চাহ বাগিচা, ৰঙাপৰা শাখা, ঠাকুৰবাৰী শাখা, মইনাজুলি শাখা, নামগাঁও শাখাত চাহ শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । বানচ প্ৰদানৰ দাবীত বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে শ্ৰমিকসকলে ।

এপিজে কোম্পানীয়ে তিনি সপ্তাহৰ আগতে চাহ শ্ৰমিকক বানচ দিয়াৰ বিপৰীতে চাহ বাগিচাৰ দুৰৱস্থাৰ দোহাই দি বানচ প্ৰদানৰ পৰা বিৰত আছে । সেয়ে, প্ৰাপ্যৰ দাবীত প্ৰতিবাদত নামিছে শ্ৰমিকসকল । আনহাতে, এপিজে কোম্পানী কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে তেজপুৰ শাখাৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক:ধুবুৰীত নাও চালক আৰু হেণ্ডিমেনৰ প্ৰশিক্ষণৰ আয়োজন

ABOUT THE AUTHOR

...view details