অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন

মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে গান্ধী জয়ন্তী ৷

Mahatma Gandhi's birthday celebrated in Assam
ৰাজ্যজুৰি পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

By

Published : Oct 2, 2020, 6:38 PM IST

গহপুৰ,2 অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে মহামানৱ গৰাকীৰ জন্মদিন ৷ গহপুৰৰ বিলতীয়া আৰু আখৈফুটা গাঁৱৰ একাধিক মহিলাই ব্যতিক্ৰমী ৰূপত সুঁৱৰিছে গান্ধীজীক ৷ মহাত্মা গান্ধীৰ স্বচ্ছতা নীতিক লক্ষ্য হিচাপে লৈ মহিলাসকলে ঝাড়ু,পাচি,কোৰ লৈ বাট-পথৰ দুয়োপাৰে থকা হাবি-জংঘল পৰিস্কাৰ কৰা পৰিলক্ষিত হয় ৷ গান্ধী জয়ন্তীৰ দিনটোত স্বচ্ছ অভিযানৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিছে দুয়োখন গাঁৱৰ মহিলাসকলে ৷

গহপুৰত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

আনহাতে বিশ্বনাথৰ গহপুৰ বিধানসভা সমষ্টিৰ 117 নং আৰু 106 নং বুথ সমিতিৰ উদ্যোগতো মহা মানৱ মহাত্মা গান্ধীজীৰ জন্ম জয়ন্তী পালন কৰা হয়। উক্ত কার্যসূচীত উপস্থিত থাকে গহপুৰৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিতি সভাপতি ৰিপুণ বৰা ।

বিশ্বনাথত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

গোলাঘাট: গোলাঘাটতো শুকুৰবাৰে 151 সংখ্যক গান্ধী জয়ন্তী আৰু ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ 116 সংখ্যক জন্মদিনৰ উপলক্ষে গোলাঘাট প্ৰশাসন,চিআৰপিএফ আৰু অসম আৰক্ষীৰ জোৱানসকলৰ স্বচ্ছ অভিযান পালন ৷ প্ৰায় 100 জন জোৱানে নগৰৰ জেনেৰেল ফিল্ডখন চাফ-চিকুণ কৰাৰ লগতে গোলাঘাট প্ৰশাসনে কৃষকক একোটাকৈ স্পেয়াৰ মেচিন প্ৰদান কৰে।

গোলঘাটত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

বিহপুৰীয়া: গান্ধী জয়ন্তী উপলক্ষে নাৰায়ণপুৰৰ উদীয়মান চিত্ৰশিল্পী যুতি বুঢ়াগোঁহাইয়ে নিজ বাসগৃহৰ ৱালত অংকণ কৰিছে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি ৷ জাতিৰ পিতাক স্মৰণ কৰি তেওঁৰ আদৰ্শেৰে নৱ প্ৰজন্মক উদ্বোদ্ধ কৰাৰ মানসেৰে চিত্ৰশিল্পীগৰাকীয়ে ৱালত অংকন কৰিছে গান্ধীজীৰ প্ৰতিচ্ছবি ৷

বিহপুৰীয়াত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

মৰিগাঁও: মৰিগাঁৱতো গান্ধী জয়ন্তী পালন কৰিছে মৰিগাঁও জিলা প্ৰশাসনে ৷ মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত গান্ধীজীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

মৰিগাঁৱত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

মৰাণ: গান্ধী জয়ন্তী উপলক্ষে মৰাণৰ খোৱাঙত বিজেপিৰ চাফাই অভিযান ৷ ভাৰতীয় জনতা যুৱ মৰ্চা আৰু ভাৰতীয় জনতা এচ চি মৰ্চাৰ লৰুৱা মণ্ডলৰ উদ্যোগত স্বচ্ছ অভিযান শীৰ্ষক শ্ল'গানেৰে প্ৰায় ডেৰ শতাধিক দলীয় কৰ্মীয়ে হাতে হাতে ঝাড়ু লৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মূল পথৰ জাৱৰসমূহ নিষ্কাশন কৰে ।

মৰাণত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

যোৰহাট: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু পৌৰসভাৰ সহযোগত গান্ধী পাৰ্কত পালন কৰা হয় গান্ধীজীৰ জন্ম জয়ন্তী ৷ এই অনুষ্ঠানতে পৌৰসভা আৰু ক’ভিড চেণ্টাৰৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা প্ৰশাসনে ৷

যোৰহাটত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

নলবাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো পালন গান্ধী জয়ন্তী ৷ নলবাৰীৰ পাইকাৰকুছি চ’ক ব্যৱসায়ী সন্থাৰ উদ্যোগত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ব্যৱসায়ী সন্থাই ৷

নলবাৰীত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

ধুবুৰী: গান্ধী জয়ন্তী উপলক্ষে ধুবুৰী পৌৰসভাই চহৰৰ বিভিন্ন এলেকাত চাফাই অভিযান চলোৱাৰ লগতে ভাৰতীয় জীৱন বীমাৰ ধুবুৰী শাখা কাৰ্যালয়ৰ সন্মুখত বৃক্ষৰোপণ আৰু ৰাইজৰ মাজত মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনহাতে জিলাখনৰ আদৰ্শ গাঁও টেৰাকটা শিল্পগাঁও আশাৰীকান্দিত ব্যতিক্ৰমীৰূপে পালন কৰা হয় গান্ধী জয়ন্তী । শিল্প গাঁওখনৰ প্ৰায় ডেৰ শতাধিক পুৰুষ-মহিলা মৃৎ শিল্পীয়ে মাটিৰে মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰে ।

ধুবুৰীত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

শিৱসাগৰ: গান্ধী জয়ন্তীৰ দিনাই শিৱসাগৰত ‘কা’ আন্দোলনৰ 5 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় দল-সংগঠনসমূহে ৷ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দল ‘ৰাইজৰ দল’ক আদৰণি জনায় ৷

শিৱসাগৰত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

বৰপেটা: বৰপেটাৰ চেণ্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল কৰ্তৃপক্ষই ব্যতিক্ৰমীভাৱে পালন কৰে জাতিৰ পিতাৰ জন্ম জয়ন্তী ৷ মানৱ সেৱাত নিয়েজিত হৈ থকা চিকিৎসক,নাৰ্চ,আৰক্ষী,সমাজ সেৱক,সাংবাদিকসকলক বিদ্যালয়খনৰ একাংশ অভিভাৱকে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ৷

বৰপেটাত পালন মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী

লগতে পঢ়ক:পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details