তেজপুৰ, ২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগীত সাধনাৰস্থলী তেতিয়াৰ ‘পকী’ বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় জ্যোতি ভাৰতী অধীনত আছে । ১৯৩৪ চনত দ্বিতীয় বাৰৰ বাবে তেজপুৰলৈ আহোঁতে মহাত্মা গান্ধীয়ে এই গৃহত নিশাটো কটাইছিল ৷ হৰিবিলাস আগৰৱালাৰ গৃহ পকীৰ চোতালত মহাত্মা গান্ধীয়ে বিদেশী বস্ত্ৰ দাহ কৰিছিল ৷
পকীৰ ওপৰৰ পৰা জনসাধাৰণক উদ্দেশ্যি মহাত্মা গান্ধীয়ে ভাষণো প্ৰদান কৰিছিল । জানিব পৰা মতে, সেই সময়ত জ্যোতি প্ৰসাদ আগৰৱালাৰ মাতৃয়ে মহাত্মা গান্ধীক এখন চিল্ক সূতাৰ বস্ত্ৰ উপহাৰ দিছিল ৷ কিন্তু মহাত্মা গান্ধীয়ে সেইখন উভতাই দি যদি সূতাৰ বস্ত্ৰ আছে সেইয়া দিবলৈ কৈ চিল্ক সূতাৰ বস্ত্ৰ পকীৰ চোতালত দাহ কৰাই আছিল ।
মহাত্মা গান্ধীয়ে ইয়াৰ পূৰ্বে ১৯২১ চনত প্ৰথম বাৰৰ বাবে পকীত জীৰণি লৈছিল কিন্তু সেই সময়ত তেওঁ পকীত থকা নাছিল । ১৯২১ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে তেজপুৰ ভ্ৰমণ কৰি ইয়ং ইণ্ডিয়াত ভ্ৰমণৰ বিষয়ে তেওঁৰ ধাৰণা “ব্ৰহ্মপুত্ৰৰ বেংকৰ পৰা এটা” প্ৰবন্ধত লিপিবদ্ধ কৰে । কিন্তু ১৯৩৪ চনত মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ সময়ত পুনৰ তেজপুৰ ভ্ৰমণ কৰে আৰু সেই সময়ত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পকী গৃহত নিশাটো কটাইছিল ৷