অসম

assam

জাতীয় মহিলা শক্তিৰ ৬৩ জনীয়া ৰাজ্যিক সমিতি গঠন

By

Published : Feb 7, 2021, 9:52 PM IST

তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ অভিৱৰ্তন । অনুষ্ঠানত অসম জাতীয় পৰিষদ দলটোৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰীণ জ্য়োতি গগৈৰ লগতে দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে । সভাত জাতীয় মহিলা শক্তিৰ ৬৩ জনীয়া ৰাজ্যিক সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ।

জাতীয় মহিলা শক্তিৰ ৬৩ জনীয়া ৰাজ্যিক সমিতি গঠন
জাতীয় মহিলা শক্তিৰ ৬৩ জনীয়া ৰাজ্যিক সমিতি গঠন

তেজপুৰ,৭ ফেব্ৰুৱাৰী:তেজপুৰৰ বামপৰ্বতীয়াৰ জ্যোতিবিঞ্চু ক্ষেত্ৰৰ ছহিদ বৈজয়ন্তী দেবী মঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ অভিৱৰ্তন । এই সভাত শোণিতপুৰ জিলাৰ লগতে বিভিন্ন জিলাৰ পৰা অহা সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত অসম জাতীয় পৰিষদ দলটোৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰীণ জ্য়োতি গগৈৰ লগতে দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে ।

জাতীয় মহিলা শক্তিৰ ৬৩ জনীয়া ৰাজ্যিক সমিতি গঠন

ইফালে সত্ৰীয়া,বিহু,ঝুমুৰ আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শিত হোৱা এই মুকলি সভাত সহস্ৰাধিক লোকৰ উপস্থিতিত আঞ্চলিক দলটোৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ সভাপতি হিচাপে ৰঞ্জু বৰা, সম্পাদক হিচাপে অপৰাজিতা দাস বৰা আৰু মিতালী দিহিঙীয়া বৰুৱাক লৈ গঠিত ৬৩জনীয়া ৰাজ্যিক সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷

অনুষ্ঠানত উপস্থিত থাকি লুৰীণ জ্য়েতি গগৈ, অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পৱিন্দ্ৰ ডেকাসহ শীৰ্ষ নেতাসকলে তীব্ৰ ভাষাৰ গৰিহণা দিয়ে বিজেপি চৰকাৰক । কিয়নো তেওঁলোকৰ অভিযোগ এই অভিৱৰ্তন বন্ধ কৰিবলৈ চৰকাৰে বিভিন্ন ধৰণে চেষ্টা চলাইছিল । লুৰীণ জ্য়োতি গগৈয়ে মহিলাসকলক উদ্দেশ্য়ি দিয়া উদাত্ত ভাষণত কয় যে সমগ্ৰ প্ৰশাসনক ব্যৱহাৰ কৰি ভয় ভাবুকিৰে যান-বাহন অধিগ্ৰহণ কৰিও তেজপুৰৰ জাতীয় নাৰী শক্তিৰ প্ৰথমখন ৰাজনৈতিক মহিলা অভিৱৰ্তনক বাধা দিব নোৱাৰিলে চৰকাৰে । জয়মতী, মূলা গাভৰু, কনকলতা, সতীসাধিনীৰ ৰাজ্যত নাৰীক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিছে বুলি তেওঁ অভিযোগ তোলে । প্ৰধানমন্ত্ৰী মোডীক সপোনৰ সদাগৰ বুলি কৈ লুৰীণজ্যোতিয়ে সোণ, স্কুটী,৮৩০টকাৰে জাতীয় স্বাভিমানক হত্যা কৰিব বুলিও উল্লেখ কৰি অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙি অসমীয়াক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলিও তেওঁ অভিযোগ তোলে ।

আনহাতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই তেওঁৰ চমু ভাষণত কয় যে পৃথিৱীৰ কোনো মাতৃয়েই নিজৰ সন্তানে মেৰুদণ্ড বেকা কৰি থকাতো নতুবা কাৰো ওচৰতে দাসত্ব মানি লোৱাটো নিবিচাৰে । লগতে আহি থকা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্য়ৰ মহিলাসকলক অসম জাতীয় পৰিষদৰ হৈ থিয় দিবলৈ আহ্বান জনাই নেতাসকলে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত সজাগতামূলক চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details