তেজপুৰ,৭ মে':অৰুণাচলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ জি অ' চি চতুৰ্থ ক'ৰৰ লেফটেনেন্ট জেনেৰেল দীনেশ সিং ৰাণাৰ(Lt. General Dinesh Singh Rana met Arunachal Governor and CM) । শুকুৰবাৰে বিয়লি ভাগত ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৰাণাই ।
সেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়েৰ (অৱসৰ প্ৰাপ্ত) ড° বি ডি মিশ্ৰক সাক্ষাৎ কৰি ৰাজ্যখনৰ সেনাৰ নিয়ন্ত্ৰিত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰে । আনহাতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগত হোৱা বাৰ্তালাপত ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিশ্চিত সীমান্ত অঞ্চলৰ গাঁওসমূহৰ বিষয়ে আলোচনা কৰে ।