অসম

assam

কুনকি হাতীৰ বুকুৰ মাজত উমলিছে এটি বনৰীয়া হাতীৰ পোৱালি

By

Published : Oct 4, 2021, 1:25 PM IST

ৰঙাপৰাত বৃহৎ বন্যহস্তীৰ জাকৰ মাজৰ পৰা বিচ্ছিন্ন এটা প্ৰায় তিনি বছৰীয়া বনৰীয়া হাতীৰ পোৱালি(Baby Wild Elephant) ৷ তিনিজনী মাইকী কুনকি হাতী(Kumki Elephant)য়ে ধাননিৰ মাজৰ পৰা লৈ গৈ বুকুৰ উমত ৰাখিছে হাতীৰ পোৱালিটোক ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

love-between-a-kumki-elephant-and-a-separated-baby-wild-elephant-at-rangapara
কুনকি হাতীৰ বুকুৰ মাজত উমলিছে এটি বনৰীয়া হাতীৰ পোৱালি

ৰঙাপৰা, 4 অক্টোবৰ : এটি বনৰীয়া হাতীৰ পোৱালি(Baby Wild Elephant) আৰু তিনিজনী মাইকী কুনকি হাতী(Kumki Elephant)ৰ মাজৰ এক হৃদয় জুৰ পৰা দৃশ্য ৷ নিজৰ সন্তান নহয় যদিও নিজ সন্তানৰ দৰেই হাতীৰ পোৱালিটোক বুকুৰ মাজত আঁকোৱালি লৈছে মাইকী কুনকি হাতী তিনিজনীয়ে ৷ এই দৃশ্য শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৷

জানিব পৰা মতে, ৰঙাপৰাত বৃহৎ বনৰীয়া হাতীৰ জাক তথা মাতৃৰ বুকুৰ মাজৰ পৰা বিচ্ছিন্ন হৈছিল বনৰীয়া হাতীৰ পোৱালিটো । পোৱালিটোক জাকৰ মাজত মিলন কৰাৰ উদ্দেশ্যৰে বন বিভাগ(Forest Department)য়ে প্ৰচেষ্টা হাতত লয় । বৰষুণত তিতি আৰু ভোকে-পিয়াহে থাকি বন বিভাগৰ দলটোৱে হাতীৰ পোৱালীটোক সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য(Sonai Rupai Wildlife Sanctuary)ত থকা বনৰীয়া হাতীৰ জাকৰ সৈতে মিলন কৰাৰ লক্ষ্যৰে গাভৰু নৈ পাৰ কৰি মিছামাৰীৰ চামবাৰীলৈ নিয়া হৈছিল ৷

কুনকি হাতীৰ বুকুৰ মাজত উমলিছে এটি বনৰীয়া হাতীৰ পোৱালি

দুদিন পূৰ্বে ৰঙাপৰাৰ আমাৰিবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ ধেন্দাই চাহ বাগিচা(Dhendai Tea Estate)ৰ মাজত বনৰীয়া হাতীৰ পোৱালিটো অকলশৰীয়াকৈ ঘুৰি ফুৰিছিল । ঘটনাৰ সন্দৰ্ভত বন বিভাগে খবৰ লাভ কৰাত হাতীৰ পোৱালীটোক জাকৰ সৈতে মিলন কৰি দিয়াৰ বাবে এক প্ৰচেষ্টা হাতত লৈছিল যদিও সফল নহ’ল বন বিভাগ ।

ধেন্দাই চাহ বাগিচাৰ মাজত বিচৰণ কৰি থকা হাতীৰ পোৱালীটোক লৈ যোৱাৰ বাবে মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত থকা তিনিজনী মাইকী কুনকি হাতী ক্ৰমে জয়মালা, গীতা আৰু বনমালা উপস্থিত হয় । হাতী তিনিজনীৰ মাউত কেইজন আছিল ক্ৰমে- চন্দন, জিতু, আক্ৰাম আৰু অভিজ্ঞ ৰবি দাস । তিনিজনী কুনকি হাতীক দেখাৰ লগে লগে ধাননি পথাৰৰ মাজত থকা হাতীৰ পোৱালিটো আগবাঢ়ি আহে ৷

তাৰ পাচতে কুনকি হাতী কেইজনীয়ে নিজৰ সন্তানৰ দৰে মৰম-স্নেহ কৰি হাতীৰ পোৱালিটোক গাভৰু নৈখন পাৰ কৰি মিছামাৰীৰ চামবাৰী কেম্পলৈ লৈ যায় । প্ৰাপ্ত খবৰ অনুসৰি, কিছু আঘাতপ্ৰাপ্ত হাতীৰ পোৱালিটো সুস্থ হোৱাৰ পাচত নিশাৰ ভাগত বনৰীয়া হাতীৰ পোৱালিটোক জাকৰ মাজত এৰি দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিব মাউতসকলে ।

কিন্তু এইখিনিতে মাউতসকলে এক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । বনৰীয়া হাতীৰ পোৱালিটোৱে কুনকি হাতী কেইজনীক এৰি যাব বিচৰা নাই । হাতী কেইজনী আৰু পোৱালিটোৰ মাজত মাতৃ-সন্তানৰ মৰম পৰিস্ফূত হৈছে । আমাৰিবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বন বিষয়া অনিল বৰঠাকুৰে নেতৃত্ব দিয়া এই অভিযানত ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ নাথে হাতী পোৱালিটোক লৈ যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়ায় ৷

বনৰীয়া হাতীৰ পোৱালিটোৰ বয়স প্ৰায় তিনি বছৰ আৰু উচ্চতা প্ৰায় চাৰে তিনি ফুট ওখ ৷ স্মৰ্তব্য যে, বিগত সময়চোৱাত ৰঙাপৰাত এনেধৰণে কেইবাটাও বনৰীয়া হাতীৰ পোৱালি মাতৃৰ বুকুৰ মাজৰ পৰা বিচ্ছিন্ন হোৱাৰ পাচত বন বিভাগে সুৰক্ষিতভাৱে উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :বৰপেটাত ’নিংনি ভাউৰা ৰিটাৰ্ণছ’ৰ শুভ মহুৰত সম্পন্ন

ABOUT THE AUTHOR

...view details