অসম

assam

ETV Bharat / state

ঠিকাদাৰৰ পৰা কমিচনৰ ভাগ লয় মন্ত্ৰী-বিধায়কে : আপ - আম আদমী পাৰ্টী

বৰ্তমান ৰাজ্যত মন্ত্ৰী-বিধায়ক সকলে ঠিকাদাৰৰ পৰা কমিচনৰ ভাগ লোৱাৰ অভিযোগ ৷ আম আদমী পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ঋষিৰাজ কুণ্ডিল্যৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷

Exclusive Interview
আছুতীয়া সাক্ষাৎকাৰ

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:43 PM IST

আপ অসমৰ সাংগঠনিক সম্পাদক ঋষিৰাজ কুণ্ডিল্যৰ সৈতে সাক্ষাৎকাৰ

তেজপুৰ, 25 নৱেম্বৰ :সমাগত লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আম আদমী পাৰ্টী, অসম ৰাজ্যিক সমিতিয়ে আৰম্ভ কৰিছে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ আগন্তুক লোকসভা নিৰ্বাচনত কেইবাটাও লোকসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে ৷

বিৰোধীৰ উমৈহতীয়া ঐক্যমঞ্চ I.N.D.I.A মিত্ৰজোঁট বিজপিক প্ৰতিহত কৰিবলৈ লোৱা এটা পন্থা যদিও এই মিত্ৰজোঁটত আপৰ এক সুকীয়া পৰিচয় আছে আৰু আপ নিজৰ নীতি আদৰ্শত প্ৰতিষ্ঠিত, গতিকে অসমৰ ৰাইজে দলটোক আদৰণি জনায় বুলি কয় আম আদমী পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ঋষিৰাজ কুণ্ডিল্যই ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ আপৰ শোণিতপুৰ লোকসভাৰ সম্ভাব্য প্ৰাৰ্থী কুণ্ডিল্যই কয় যে, অসমত বিজেপি চৰকাৰে দুৰ্নীতিৰ জৰিয়তে আহৰণ কৰা ধনেৰে ৰাইজক আঁচনি প্ৰদান কৰিছে ফলস্বৰূপে মূল্য বৃদ্ধি পাইছে ৷ বিদ্যুতৰ মাচুল ধনী শ্ৰেণীৰ বাবে ৰেহাই দি দুখীয়া লোকক শোষণ কৰা বুলি কুণ্ডিল্যই কয় ৷

বৰ্তমান কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে সেইবাবে কংগ্ৰেছে বৰ্তমান শোণিতপুৰৰ বাবে বাহিৰৰ পৰা প্ৰাৰ্থী আনি নিৰ্বাচন খেলিবলৈ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে ঋষিৰাজ কুণ্ডিল্যই ৷ বৰ্তমান তেজপুৰ লোকসভাৰ সাংসদে বিগত পাঁচ বছৰ কোনো উন্নয়নৰ কাম নকৰিলে বুলি উল্লেখ কৰি ঋষিৰাজ কুণ্ডিল্যই কয় যে, লোকসভা টিভিৰ মতে তেজপুৰৰ সাংসদ গৰাকীয়ে এটাও প্ৰশ্ন উত্থাপন কৰা দেখা নগ’ল ৷

শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসক সম্পূৰ্ণ ব্যৰ্থ সাংসদ বুলি অভিহিত কৰে তেওঁ ৷ বৰ্তমান ৰাজ্যত মন্ত্ৰী-বিধায়ক সকলে ঠিকাদাৰৰ পৰা কমিচনৰ ভাগ লোৱা বুলি অভিযোগ কৰে তেওঁ ৷ আপৰ নেতাজনে কয় যে, কংগ্ৰেছৰ দিনত 2 শতাংশ আছিল আৰু আজি সেই কমিচন 10 শতাংশ হৈছে ৷

লগতে পঢ়ক :মিত্ৰ দলক আমি কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ : ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

...view details