অসম

assam

শোণিতপুৰত শিথিল নহয় ক’ভিড বিধি : অব্য়াহত লকডাউন

By

Published : Jul 16, 2021, 1:22 PM IST

শোণিতপুৰ জিলাত লকডাউন অব্যাহত ৷ জিলাখনৰ সদৰ তেজপুৰৰ নিকটৱৰ্তী গটঙা অঞ্চলত কাঁহ দৌল নামৰ এখন গাঁৱত 16 জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰাৰ পাছত সমগ্ৰ গাঁওখন কণ্টেইনমেন্ট জ’ন হিচাপে জিলা উপায়ুক্তই ঘোষণা কৰে ।

lockdown-continue
অব্য়াহত লকডাউন

তেজপুৰ, 16 জুলাই :ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ 2 শতাংশৰ তলতে আছে । কিন্তু মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই । ৰাজ্য চৰকাৰে নতুন এছ অ’ পি (SOP) নিদিয়া পৰ্যন্ত শোণিতপুৰ জিলাত ল'কডাউন অব্যাহত থাকিব ।

শোণিতপুৰত শিথিল নহয় ক’ভিড বিধি : অব্য়াহত লকডাউন

সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি ক’ভিড বিধিৰ কোনো শিথিলতা গ্ৰহণ কৰা নহয় জিলাখনত । এই মন্তব্য কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে । তেওঁ কয় যে ,পূৰ্বৰ দৰে গেলামাল ফল-মূল আৰু শাক-পাচলিৰ দোকান বন্ধ থাকিব । কেৱল হোম ডেলিভাৰিৰ ব্যৱস্থা অব্যাহত থাকিব জিলাখনত ।

শুকুৰবাৰে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এই কথা জানিবলৈ দিয়ে যে ক’ভিড অতিমাৰী যদিও পূৰ্বতকৈ কিছু নিম্নগামী হৈছে এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি ।

অব্য়াহত লকডাউন

শোণিতপুৰ জিলাত যোৱা 7 জুলাইৰ পৰা অসমৰ অন্য সাতখন জিলাৰ লগতে লকডাউন দিয়া হয় । আনহাতে জিলাখনৰ সদৰ তেজপুৰৰ নিকটৱৰ্তী গটঙা অঞ্চলত কাঁহ দৌল নামৰ এখন গাঁৱত 16 জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰাৰ পাছত সমগ্ৰ গাঁওখন কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে জিলা উপায়ুক্তই । ইতিমধ্যে জিলাখন ক’ভিডৰ দ্বিতীয়টো ঢৌত বিগত 6 এপ্ৰিলৰ পৰা 210 জন লোকৰ মৃত্যু হয় লগতে প্ৰায় 4 লাখ 54 হাজাৰ 883 জন লোকক ভেকচিন প্ৰদান কৰা হয় । কিছুদিন পূৰ্বে ক’ভিড নিয়ন্ত্ৰণৰ বাবে কিছু নিৰ্দেশ প্ৰদান কৰে জলসিঞ্চন (Irrigation) আদি বিভাগৰ প্ৰধান সচিব তথা শোণিতপুৰ জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদে ৷

লগতে পঢ়ক:কন্টেইনমেন্ট জ’নত বজাৰ বন্ধ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী

ABOUT THE AUTHOR

...view details