অসম

assam

ৰঙাপৰা সমষ্টিত বিজেপি-কংগ্ৰেছৰ মাজত মূল যুঁজ হোৱাৰ পূৰ্ণ সম্ভৱনা!

By

Published : Sep 29, 2019, 2:13 PM IST

সমষ্টিটোত বিজেপি দলে পুনৰ এজন সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে দলে সমষ্টিবাসীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷

ৰঙাপৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মী

ৰঙাপৰা, 29 ছেপ্টেম্বৰঃঅসমৰ চাৰিটা বিধান সভা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৰঙাপৰা বিধান সভা সমষ্টি ৷ ইতিমধ্যে সকলো ৰাজনৈতিক দলে সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ ৰঙাপৰা সমষ্টিত এইবেলি বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজখন হোৱা পূৰ্ণ সম্ভৱনা আছে ।

ৰঙাপৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মী

ৰঙাপৰা সমষ্টিবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে এইবাৰ হ’বলগীয়া উপ-নিৰ্বাচনত এজন স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই আহিছিল ৷ কাৰণ স্বাধীনতাৰ পাচৰে পৰা ৰঙাপৰা সমষ্টিত আমদানিকৃত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰি আহিছিল ৷ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ সমষ্টিটো 2016 চনৰ নিৰ্বাচনত ন-বিজেপি পল্লৱ লোচন দাসে কংগ্ৰেছৰ দূৰ্গ খহাই বিজেপিৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান পল্লৱ লোচন দাস তেজপুৰ লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱাত উক্ত খালী হোৱা আসন খনৰ বাবে সকলো ৰাজনৈতিক দলক স্থানীয় প্ৰাৰ্থী দিয়াৰ বাবে আহ্বান জনাইছিল সমষ্টিবাসীয়ে ৷

ইতিমধ্যে বিজেপি দলে পুনৰ এজন সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে দলে সমষ্টিবাসীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ উল্লেখ্য যে, মিত্ৰ-জোঁটৰ প্ৰাৰ্থী গৰাকীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ধৰণা কৰা হৈছে ৷ কংগ্ৰেছৰ শাসন কালত ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ সৈতে ছাঁৰ দৰে লাগি থকা কাৰ্তিক কুৰ্মীয়ে ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হ'লে - স্বাস্থ্য, ৰাস্তা ঘাট আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰা কাৰ্তিক কুৰ্মীয়ে সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখললৈ আনিবলৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ অৱশ্যে এইবাৰ ৰঙাপৰা সমষ্টিটো বিজেপি দলে পুনৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’বনে সেয়া নিৰ্বাচনৰ ফলাফলৰ পাচতহে গম পোৱা যাব ৷

ABOUT THE AUTHOR

...view details