বিশ্বনাথ, 21 জুন :বিহালী আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা বিহালীৰ বটিয়ামাৰীত অভিযান চলাই দুটা নাইন এম এম (9MM) পিষ্টল(Pistol) সহ 8 জাঁই সজীৱ গুলী উদ্ধাৰ কৰে ৷ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বটিয়ামাৰীৰ উত্তম ঢাকাল (40), ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং(20) আৰু নিত্য ঢাকাল (44) নামৰ তিনিজন যুৱকক আটক কৰে ৷ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমল বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বটিয়ামাৰীৰ নিত্য ঢাকাল (44) নামৰ লোকজনৰ ঘৰত এই অভিযান চলাইছিল ৷
আৰক্ষীয়ে নিত্য ঢাকালৰ বাসগৃহৰ পূজাস্থলীৰ পৰা পিষ্টলসহ সজীৱ গুলীখিনি উদ্ধাৰ কৰে ৷ অৱশ্যে ইয়াৰে 2 টা ব্যৱহৃত কাৰ্টিজ ৷ আৰক্ষীৰ দলটোৱে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আন দুজন যুৱক ক্ৰমে উত্তম ঢাকাল আৰু ৰাজু ওৰাঙক আটক কৰে ৷ যুৱক তিনিজনে কি কাৰণত মাৰণাস্ত্ৰ মজুত ৰাখিছিল, সেই সম্পৰ্কত বৰ্তমানলৈকে বিহালী আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই ৷