তেজপুৰ, ১ জানুৱাৰী : ৩১ ডিচেম্বৰৰ নিশা শোণিতপুৰত প্ৰশাসন তথা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা ৷ নতুন বছৰৰ আনন্দৰ মাজত জিলাখনত দেখা গ’ল পৰিৱৰ্তন ৷ এইবাৰ শোণিতপুৰত কমিল সুৰাপায়ী চালকৰ সংখ্যা, নহ’ল এটাও দুৰ্ঘটনা ৷ সমগ্ৰ ৰাজ্যত এইবাৰ ৩১ ডিচেম্বৰত প্ৰশাসনৰ কঠোৰ দৃষ্টিত পাৰ হ’ল নৱবৰ্ষৰ উদযাপন ৷ 2021 চনৰ অন্তিমটো নিশা গুৱাহাটীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই যান-বাহন আৰক্ষীৰ সৈতে সুৰাপায়ী চালকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ (CM Himanta on street ensuring road safety) খবৰে সংবাদ শিৰোনাম দখল কৰিছে বছৰৰ প্ৰথম দিনটোত ৷
খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এইদৰে ৰাজপথলৈ ওলাই অহাৰ সময়ত সষ্টম হৈ ৰ’ল ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী তথা, পৰিবহণ বিভাগ ৷ ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাও, ৩১ ডিচেম্বৰ নিশালৈকে শোণিতপুৰ জিলাত পৰিবহন বিভাগে বিভিন্ন শিতানত জৰিমনা বিহি প্ৰায় দুই লাখ নব্বৈ টকাৰ চালান কাটিলে ৷ নিশা বিভিন্ন ঠাইত মুঠ ৯১ টা অনুৰূপ ঘটনাৰ লগত জড়িত গোচৰ ৰূজু কৰা হৈছে । কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে মাত্ৰ দুজন লোকৰ বিৰুদ্ধেহে এইবাৰ সুৰামত্ত অৱস্থাত গাড়ী চালনাৰ গোচৰ ৰূজু হৈছে ৷