তেজপুৰ,৩১ ডিচেম্বৰ :ৰাজ্যত অব্যাহত আছে নাৰী নিৰ্যাতনৰ ঘটনা । ইয়াৰ মাজতে তেজপুৰত ঘৰুৱা হিংসাৰ বলি এগৰাকী অধিবক্তা (Tezpur lawyer victim of domestic violence)। স্বামীৰ মৃত্যুৰ পাছতে সন্তানসহ অধিবক্তা কবিতা শৰ্মাক ঘৰৰ পৰা উলিয়াই দিছে স্বামী পৰিয়ালে । অসহায় অধিবক্তাগৰাকী ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ ।
উল্লেখ্য যে, চলিত বছৰৰ ৯ মে'ত ক'ভিডত আক্ৰান্ত হৈ কবিতা শৰ্মাৰ স্বামী প্ৰতিম বৰদলৈৰ মৃত্যু হয় । তাৰ কিছুদিন পাছত প্ৰতিম বৰদলৈৰ পিতৃ অৰ্থাৎ কবিতাৰ শহুৰ পৰমানন্দ বৰদলৈৰো মৃত্যু হয় । অভিযোগ অনুসৰি ইয়াৰ পাছতে কবিতাৰ ওপৰত স্বামী পৰিয়ালে মানসিক অত্যাচাৰ আৰম্ভ কৰে । ১৮ বছৰীয়া কন্যাৰ সৈতে কবিতাক ঘৰৰ পৰা উলিয়াই দিয়াৰো অভিযোগ উঠিছে ।
কেৱল এয়াই নহয় স্বামীগৃহৰ সম্পত্তিৰ ভাগ যাতে নাপায় তাৰ বাবে প্ৰয়াত পৰমানন্দ বৰদলৈৰ উত্তৰাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নকৰিলে কবিতা আৰু সন্তানৰ নাম । নাম অন্তৰ্ভুক্ত নকৰাকৈয়ে শাহু আৰু ননদে বেংক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যাৱতীয় তথ্য দাখিল কৰাৰো অভিযোগ কৰিছে কবিতা শৰ্মাই । কবিতা শৰ্মাৰ অভিযোগ এই সকলো কাৰ্যত এগৰাকী মণ্ডলে সহায় কৰিছে শাহু আৰু ননদক ।