তেজপুৰ, ১৯ মে’: আৰক্ষী বিষয়া জোনমণি ৰাভা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা ঘটনাত ইতিমধ্যেই ৰাজ্যৰ বহুজনে গভীৰ ৰহস্য থকা বুলি আশংকা প্ৰকাশ কৰিছে । নিতৌ নতুন নতুন তথ্য উদঘাটন হোৱাৰ সময়তে এতিয়া চৰ্চালৈ আহিছে 2018 চনত সংঘটিত হোৱা এটা দুৰ্ঘটনা ৷ সেই দুৰ্ঘটনাটোত স্বামীক হেৰুৱাই জীৱন বাটত অকলশৰীয়া হৈ পৰা পৰিবাৰে আজি সেই ৰহস্যজনক দুৰ্ঘটনাটোৰ তদন্ত সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে ৷
তেজপুৰৰ এজন লোকৰ ২০১৮ চনৰ ৫ ডিচেম্বৰৰ নিশা সোণাৰিত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ সেই মৃত্যু আছিল পৰিবাৰৰ বাবে ৰহস্যজনক ৷ উল্লেখ্য যে, তেজপুৰ নিকামূল নিবাসী তৰুণ চন্দ্ৰ বৰাৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ বৰা সেই সময়ত শিক্ষা জিলা অভিযান বিষয়া হিছাপে সোণাৰিলৈ বদলি হৈ আহিছিল আৰু তাত তিনিমাহ কৰ্ম নিৰ্বাহ কৰাৰ পিচতে ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ কামত চৰাইদেউ জিলাত মনিট'ৰিং অফিচাৰ হিচাপে নিয়োজিত হৈছিল (Sanjib Bora as monitoring officer) ৷ পাঁচ ডিচেম্বৰৰ সন্ধিয়া নিজৰ কাম শেষ কৰি ভাড়া ঘৰলৈ আহি তেওঁ জিৰণি লৈছিল আৰু আন পাঁচজন ব্যক্তিয়ে বৰাৰ ঘৰতে ভাত খাইছিল ৷ সেই নিশা এটা জৰুৰী ফোন কল পাই নিশা ১২ বজাত উপায়ুক্তৰ কাৰ্যালয়লৈ মটৰচাইকেলখন লৈ ওলাই গৈছিল বৰা ৷ কিন্তু ঘূৰি নাহিল তেওঁ (2018 mysterious road accident) ৷
ভাড়াঘৰৰ পৰা এক কিলোমিটাৰমান যাওঁতেই এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে বৰাক ৷ বৰ্তমান লখিমপুৰৰ বিহপুৰীয়াত বাস কৰা বৰাৰ শিক্ষয়িত্ৰী পৰিবাৰ পল্লৱী নেওগ বৰাই সেই দুৰ্ঘটনাক আজিও সহজভাবে ল’ব পৰা নাই ৷ সেই সময়ত দীৰ্ঘদিন দুৰ্ঘটনাটোৰ তদন্তৰ বাবে বহুবাৰ আৰক্ষী তথা প্ৰশাসনীয় বিষয়াৰ কাৰ্যালয়লৈ যোৱা মহিলাগৰাকীয়ে দুৰ্ঘটনাটোৰ ক্ষেত্ৰত বহু সন্দেহজনক দিশলৈ আঙুলিয়াই কয় যে, পঞ্চায়ত নিৰ্বাচনৰ নিশা ভাত খাবলৈ অহা পাঁচজন লোক দুৰ্ঘটনাৰ পাচত এবাৰো নাহিল আৰু প্ৰশাসনে ভাতৰ ব্যৱস্থা কৰা সত্ত্বেও তেওঁলোকলৈ ভাতৰ নাটনি হোৱাত বৰাৰ ভাড়াঘৰত ভাত খাবলৈ অহা বুলি হে প্ৰকাশ কৰিছিল (Sanjib Bora in 2018 panchayat election) ৷