অসম

assam

ETV Bharat / state

Preparations of Baresahariya Bhaona: বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপৰ চূড়াত স্থাপন সোণবৰনীয়া কলচি - সোণবৰনীয়া কলচি স্থাপন

মাজত মাথোঁ দুটা দিন ৷ দুটা দিনৰ পাচতে অনুষ্ঠিত হ’ব ঐতিহাসিক বাৰেচহৰীয়া ভাওনা ৷ য’ত একেলগে প্ৰদৰ্শিত হ’ব 20-30 খনকৈ ভাওনা (Significance of Baresahariya Bhaona) ৷ বৃহস্পতিবাৰে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপৰ চূড়াত স্থাপন কৰা হয় সোণবৰনীয়া কলচি ৷

Preparations of Baresahariya Bhaona
দুটা দিনৰ পাচতে অনুষ্ঠিত হ’ব বাৰেচহৰীয়া ভাওনা

By

Published : Mar 3, 2023, 8:58 AM IST

Updated : Mar 3, 2023, 9:13 AM IST

দুদিনৰ পাচতে ঐতিহাসিক বাৰেচহৰীয়া ভাওনা

চতিয়া, 3 মাৰ্চ : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা (Baresahariya Bhaona Jamugurihat)৷ বাৰেচহৰীয়া ভাওনা বুলি ক’লে সকলোৰে মনলৈ আহে এক আধ্যাত্মিকতাৰ ভাৱ ৷ 2023 চনৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ মাজত মাথো আৰু দুটা দিন বাকী ৷ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে পদ্মপুষ্প সাদৃশ মূল মণ্ডপ ৷

পদ্মপুষ্প সাদৃশ মূল মণ্ডপৰ চূড়াত বৃহস্পতিবাৰে সোণবৰনীয়া কলচি স্থাপন কৰা হয় ৷ জামুগুৰিহাটৰ টলকাবাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰৰ পৰা ৰাইজে কান্ধত কঢ়িয়াই আনিলে সোণবৰনীয়া এই আকৰ্ষণীয় কলচিটো । প্ৰস্ফুটিত পদুম ফুলৰ আৰ্হিত নিৰ্মিত বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপত কলচিটো স্থাপনৰ লগে লগেই এতিয়া মূল মণ্ডপৰ দৃষ্টি নন্দন শোভাই সকলোকে মুগ্ধ কৰিছে ।

উল্লেখ্য যে, এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ তীৰ্থভূমিলৈ পৰিণত হৈছে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাথলী পকামুৰা পথাৰ ৷ ভাৰতৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাবে বিবেচিত এই বাৰেচহৰীয়া ভাওনা ৷ এইবাৰৰ 226 সংখ্যক ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱখনি (226th Baresahariya Bhaona of Jamugurihat) সাফল্য মণ্ডিত কৰাৰ উদ্দেশ্যে উঠিপৰি লাগিছে পকামুৰাবাসী ৰাইজ ৷ ‘বাৰে’ মানে অনেক আৰু ‘চহৰীয়া’ মানে ৰাইজ ৷

জানিব পৰা মতে, বাৰেচহৰীয়া ভাওনাৰ পদ্মপুষ্প সদৃশ বিশাল মণ্ডপত ব্যৱহাৰ হৈছে 25 হাজাৰৰো অধিক বাঁহ, এক লাখ মুঠাৰো অধিক খেৰ, 3 হাজাৰোধিক তামোল গছ আৰু 42 জোপাকৈ ছোৱা গছ ৷ আৰু দুটা দিনৰ পাচতেই বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ভাওনাস্থলীত একেলগে প্ৰদৰ্শিত হ’ব 20-30 খন ভাওনা (Significance of Baresahariya Bhaona) ৷

বাৰেচহৰীয়া ভাওনা বুলি ক’লেই প্ৰথমতেই মনলৈ আহে শোণিত কোঁৱৰ গজেন বৰুৱাৰ নাম । গজেন বৰুৱাই প্ৰথমবাৰৰ বাবে এই ভাওনাক জামুগুৰিহাটৰ পৰা উলিয়াই নি অসম তথা ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰাই দিছিল ৷ পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি সাংস্কৃতিক কৰ্মী তথা অসমৰ ইতিহাসৰ এগৰাকী ভোটাতৰা গজেন বৰুৱাই 1797-98 চনত আৰম্ভ হোৱা বাৰেচহৰীয়া ভাওনাক 1969 চনত এক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ যি আজিও সকলোৰে মাজত সমাদ্ৰিত হৈ আছে ৷

লগতে পঢ়ক :Preparations of Baresahariya Bhaona: জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনালৈ মাজত মাত্ৰ সাতদিন

Last Updated : Mar 3, 2023, 9:13 AM IST

ABOUT THE AUTHOR

...view details