ৰঙাপৰা , 11 ডিচেম্বৰ :শোণিতপুৰ জিলাৰ ৭৪ নং বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অঞ্চলবাসী ৷ মঙ্গলবাৰে নিশা ১০-২৯ বজাত তেজপুৰস্থিত টাইমছ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বিধায়কগৰাকীয়ে ৷ প্ৰয়াত বিধায়কজনৰ নশ্বৰ দেহক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বুধবাৰৰ পুৱাৰে পৰা বিভিন্ন দল সংগঠনৰ লোক নগৰৰ মাজ মজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত সমবেত হয় ৷ স্থানীয় ৰাইজে শোভাযাত্ৰাৰে ৰাজেন বৰঠাকুৰৰ নশ্বৰদেহ ৰাঙাপৰালৈ অনাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় আৰু অশ্ৰুসিক্ত নয়নেৰে দল সংগঠন তথা ৰাইজে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজনীতিৰ উপৰিও ক্ৰীড়া আৰু সাংস্কৃতিক দিশত ওতঃপ্ৰোত ভাৱে জড়িত আছিল প্ৰয়াত বিধায়ক জন । তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷
বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ সমষ্টিবাসী - বিধায়ক ৰাজেন বৰঠাকুৰৰ মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী ৷
মঙ্গলবাৰে নিশা ১০-২৯ বজাত তেজপুৰস্থিত টাইমছ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বিধায়ক ৰাজেন বৰঠাকুৰে ৷ শোণিতপুৰ জিলাৰ ৭৪ নং বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজেন বৰঠাকুৰৰ মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী ৷
বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী