অসম

assam

Burachapori eviction: বেদখল মুক্ত হ'ল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

By

Published : Feb 18, 2023, 1:41 PM IST

Updated : Feb 18, 2023, 2:11 PM IST

১৪ ফেব্ৰুৱাৰীৰ পৰা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনে উচ্ছেদ চলাইছিল (Burachapori eviction)। তিনিদিনীয়া উচ্ছেদত বনাঞ্চলৰ ২০৯৯ হেক্টৰ ভূমি বেদখলৰ কবলৰ পৰা মুক্ত কৰা হয় । ২৫৫৩ টা ঘৰ ভাঙি পেলোৱাৰ লগতে ১১,৬১০ গৰাকী লোকক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱা হয় ।

Burachapori eviction
বেদখল মুক্ত হ'ল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

বেদখল মুক্ত হ'ল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

তেজপুৰ, ১৮ ফেব্ৰুৱাৰী : বেদখলমুক্ত কৰা হ'ল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য (Burachapori frees encroachment)। বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ মুঠ ২০৯৯ হেক্টৰ ভূমি বেদখলৰ কবলৰ পৰা মুক্ত কৰা হয় । ইয়াৰ ভিতৰত ১২৮২ হেক্টৰ বন ভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী ভূমি । মুঠ ২৫৫৩ টা ঘৰ আৰু ১২,৭৬৫ গৰাকী লোকক উচ্ছেদ কৰা হয় ।

উল্লেখ্য যে, বুঢ়াচাপৰিত মুঠ ১৮৯২ হেক্টৰ ভূমিত ২৫৫৩ টা ঘৰৰ লগতে ১১,৬১০ গৰাকী লোকে বেদখল কৰি আছিল । ইতিমধ্যে এই উচ্ছেদক লৈ তেজপুৰ মহাভৈৰৱ সাৰ্বজনীন কৃষক পাম সমিতিয়ে ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই উচ্ছেদ অহা ৩ মাৰ্চলৈ স্থগিত ৰাখিবলৈ লেখ আবেদন দাখিল কৰিছিল (Burachapori eviction)। তেওঁলোকে কাৰণ দৰ্শাইছিল যে উক্ত স্থানত থকা কৃষিজাত সামগ্ৰীসমূহ এই সময়ছোৱাত অনিষ্ট হ'ব ।

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই উচ্ছেদক লৈ ৩২ জনীয়া লোকে আন এক লেখ আবেদন কৰিছিল । উল্লেখ্য যে, জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পৰাই শোণিতপুৰ জিলাৰ বন বিভাগৰ অধীনত আছিল । পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ ১১ জুলাইত এক গেজেট নটিফিকেচনৰ জৰিয়তে এই সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় ।

কিন্তু ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশযোগে ই নগাঁও জিলা বন্যপ্ৰাণী মণ্ডলৰ অধীনলৈ যায় । কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনত আৰু তেজপুৰ বিধানসভা অন্তৰ্গত । আজি বুঢ়াচাপৰিৰ বেদখল ভূমিত প্ৰথমবাৰৰ বাবে বন্য জীৱ-জন্তুৰ বিচৰণ দেখা গৈছে আৰু এই বিষয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে (CM tweet on Burachapori eviction)।

বিগত ৩৫ বছৰ ধৰি জনবসতিপূৰ্ণ বনাঞ্চলখন প্ৰথমবাৰৰ বাবে জনশূন্য হৈ পৰিছে । আজি বন বিভাগৰ আৰু সুৰক্ষা বাহিনীয়ে বুঢ়াচাপৰি নিজৰ দখললৈ আনে । বিগত সময়চোৱাত বেদখলৰ গৰাহত থকা বনাঞ্চলত চৰকাৰী বিদ্যালয়ৰ পৰা অংগনবাড়ী কেন্দ্ৰকে ধৰি ইন্দিৰা আৱাস যোজনাৰ গৃহ অন্তৰ্ভুক্ত হোৱাটোৱেই সকলোতকৈ গুৰুত্বপূৰ্ণ কথা ।

মনকৰিবলগীয়া যে, সংলগ্ন বনগাঁও গৰু ম'হৰ খুঁটি আৰু খেতিয়কে চাপৰি অঞ্চলত যুগ যুগ ধৰি বিভিন্ন খেতি কৰি আহিছে আৰু চাৰিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোট দান কৰি আহিছে । এই বিষয়ে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বিগত বিধানসভাত বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে । কাৰণ মাত্ৰ ৰাজনৈতিক অভিসন্ধিৰ বাবেই শোণিতপুৰ বন সংমণ্ডলৰ পৰা ইয়াক নগাওঁ বন সংমণ্ডলৰ অধীনলৈ লৈ যোৱা হৈছিল বুলি ৰাভাই মুখ্যমন্ত্ৰীক অৱগত কৰে আৰু ইয়াক পুনৰ শোণিতপুৰ জিলাৰ অধীনলৈ আনি সকলো কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনাইছিল (Burachapori issue in assembly)।

উল্লেখ্য যে যোৱা ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ তিনিটা সংযোজন কৰা হৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ব্যাঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে ৩ ছেপ্টেম্বৰ পৰা তিনিটা নতুন সংযোজন সম্প্ৰচাৰিত কৰে । সপ্তম, অষ্টম আৰু নৱম সংযোজনত সামৰি লোৱা হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেইবাটাও অংশ ।

এই তিনিটা সংযোজনত মুঠ এলেকা এনেধৰণৰ সপ্তম সংযোজন ১৭৬ হেক্টৰ দেউচৰা পালখোবা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট নগাঁও জিলাৰ, অষ্টম সংযোজন মুঠ ৩০৭ হেক্টৰ বান্দৰডুবি, নগাঁও জিলাৰ আৰু নৱম সংযোজনত মৌ খোৱা চাপৰি শোণিতপুৰ জিলাৰ মুঠ ২৫৭০ হেক্টৰ ভূমি সামৰি লোৱা হৈছে বুলি তেওঁ জনায় ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি আৰু ইয়াৰ ভিতৰত ষষ্ঠ সংযোজন শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজিত হৈ আছে । কিন্তু এই নতুনকৈ সংযোজিত তিনিটা সংযোজন বেদখলৰ গৰাহত আছিল আৰু বৰ্তমান সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰিব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক ।

লগতে পঢ়ক :Laokhowa Burachapori eviction : লাওখোৱাত উচ্ছেদ অভিযানত বাধা প্ৰদান কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ

Last Updated : Feb 18, 2023, 2:11 PM IST

ABOUT THE AUTHOR

...view details