অৰুণাচলত ভূমিস্খলনঃ ধ্বংসস্তূপত পৰিণত বহু যান বাহন - etv bharat
অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰু নাহৰলগুনত পুনৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে কেইবাখনো যান-বাহন ৷

তেজপুৰ, ২২ জুলাইঃ প্ৰকৃতি যেন ৰুষ্ট হৈছে পাহাৰীয়া ৰাজ্য অৰুণাচলত ৷ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু নাহৰলগুনত ভয়ংকৰ ভূমিস্খলন ৷ দেওবাৰে নিশা ৰাজধানী ইটানগৰ সংলগ্ন নাহৰলগুনৰ পথত পাহাৰ খহি পৰাত আবদ্ধ হৈ পৰে কেইবাখনো বাহন ৷ জানিব পৰা মতে নাহৰলগুনৰ পৰা ৰে'ল ষ্টেচন সংযোগী পথচোৱা পাহাৰ কাটি বহল কৰাৰ ফলত এই ভূমিস্খলন হোৱা বুলি সন্দেহ কৰে ৰাইজে ৷ সোমবাৰে পুৱাৰ ভাগত যান বাহনৰ চলাচল ব্যাহত আছিল যদিও পৰৱৰ্তী সময়ত পথচোৱা মুকলি কৰে ৷ উল্লেখযোগ্য যে,কেইদিনমান পূৰ্বে ইটানগৰৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত চন্দন নগৰত হোৱা ভূমিস্খলনৰ ফলত কেবাখনো বাহন পোত গৈ আছিল ৷