তেজপুৰ, ১০জুলাইঃ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ভূমিস্খলনে ভয়াবহ ৰূপ লৈছে। হিমালয়ৰ পাদদেশৰ পাহাৰীয়া ৰাজ্যখনত পুনৰ তিনিজন লোক জীৱন্তে সমাধিস্থ হয় বুলি জানিব পৰা গৈছে। শুকুৰবাৰৰ দিনটোত ৰাজধানী চহৰ খনত মুঠ ৭ জন লোক ভূমিস্খলনৰ ফলত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । পুনৰ ইটানগৰ আৰু নাহৰলগুণৰ মাজৰ মদেৰিজো গাঁৱৰ ৬ কিলোমিটাৰ পথত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । দিনৰ ভাগতে পাহাৰৰ মাটি খহি পৰাত কামদাক তাদু নামিৰ ব্যক্তি জনৰ তিনিটাকৈ পৰিয়াল জীৱন্তে সমাধিস্থ হয়। মৃত লোক কেইজন কামদাকৰ পত্নী কামদাক কাগুঞ্জ (৩০),কামদাক কাৰণ (৯) আৰু জিতা নামৰ ৮ বছৰীয়া কন্যা বুলি জানিব পৰা গৈছে ৷
ইটানগৰত ভূমিস্খলনৰ ফলত পুনৰ তিনিজনৰ মৃত্যু - নাহৰলগুণৰ মাজৰ মদেৰিজো গাঁও
শুকুৰবাৰৰ দিনটোত অৰুণাচলৰ ৰাজধানী চহৰত মুঠ ৭ জন লোক ভূমিস্খলনৰ ফলত মৃত্যু হোৱা খবৰ তথ্য পোৱা গৈছে ৷ এইবাৰৰ ইটানগৰ আৰু নাহৰলগুণৰ মাজৰ মদেৰিজো গাঁৱৰ ৬ কিলোমিটাৰ পথত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
![ইটানগৰত ভূমিস্খলনৰ ফলত পুনৰ তিনিজনৰ মৃত্যু landslide-again-three-death-at-itanagar-arunachal-predesh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7973923-641-7973923-1594387533536.jpg)
ইটানগৰত ভূমিস্খলনৰ ফলত পুনৰ তিনিজনৰ মৃত্যু
আনহাতে তিনিজন লোককে জীৱন্তে উদ্ধাৰ কৰি ইটানগৰ আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰ লগতে এগৰাকী কাষৰীয়া ব্যক্তি লোকাম মিনো উক্ত স্থানৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ইপিনে এই ঘটনাত ব্যক্তিগৰাকী সমাধিস্থ হৈছে বুলি আশংকা প্ৰকাশ কৰাৰ লগতে, আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি পাহাৰীয়া ৰাজ্যখনত হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত যোৱা ১২ ঘণ্টাৰ ভিতৰত এইটো দ্বিতীয়তো ভূমিস্খলনৰ ঘটনাত পৃথক পৃথক স্থানত ৭ জন লোকৰ মৃত্যু হয় বুলি আৰক্ষীয়ে উল্লেখ কৰে ।