তেজপুৰ, 5 জুলাই :ৰাজ্যত যিমানে বৃদ্ধি পাইছে মহামাৰী ক'ভিড ভয়াৱহতা, সিমানে ক’ভিড প্ৰতিষেধক ল’বলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰাইজে হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত পুনৰ নাটনি হৈছে ক’ভিড ভেকচিনৰ । চৰকাৰে যিমানেই ভেকচিন ক্ৰয় কৰিছে, সিমানেই অভাৱ হৈ পৰিছে ভেকচিনৰ ৷ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো ভেকচিনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে ।
শোণিতপুৰ জিলাৰ ভেকচিন কেন্দ্ৰত ক’ভিচিল্ড (Covisheild) ৰ দ্বিতীয় পালি গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে লোকসকল ৷ প্ৰথম পালি প্ৰতিষেধকো ল’বলৈ পোৱা নাই বহু লোকে । কোনোৱে যদি প্ৰথম পালি প্ৰতিষেধক লাভ কৰিছে, তেন্তে তিনিমাহৰ পিচতো দ্বিতীয় পালি গ্ৰহণ কৰিব পৰা নাই । ভেকচিন কেন্দ্ৰত গৈ বাৰে বাৰে বিমুখ হৈ উভতি যাবলগীয়া হৈছে শোণিতপুৰ জিলাবাসী ।
শোণিতপুৰ জিলাৰ 16 টা স্থানত মেগা ভেকচিন ড্ৰাইভ আয়োজন কৰিছে কিন্তু ভেকচিন কেন্দ্ৰত ভেকচিন লোৱা লোকৰ অভাৱ । এয়া মাত্ৰ ক’ভেক্সিনৰ (Covaxin) ৰ দ্বিতীয় পালি প্ৰতিষেধকৰ বাবেহে । জিলাখনত আজিৰ দিনত ১০ হাজাৰৰো অধিক Covaxin মজুত থকাৰ বিপৰীতে মাত্ৰ 60 টা Covishield মজুত আছে ৷
ফলস্বৰূপে প্ৰথম পালি প্ৰতিষেধকৰ পৰা বঞ্চিত হৈছে লাখ লাখ জনসাধাৰণ । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে তেজপুৰত ঘোষণা কৰিছিল যে, চৰকাৰে কেন্দ্ৰৰ পৰা জুলাই মাহৰ ভিতৰত অধিক ভেকচিন লাভ কৰিব ৷ শোণিতপুৰ জিলাত আজিৰে পৰা এক সপ্তাহৰ ভিতৰতে উন্নত হ’ব ক’ভিড পৰিস্থিতি ৷ তাৰপিছতো জনসাধাৰণৰ মাজত শংকা দূৰ হোৱা নাই ।
শোণিতপুৰ জিলাত দেওবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হৈছে 18 টাকৈ শিশু ৷ কৰ’ণাত শিশু তথা 18 বছৰৰ তলৰ কিশোৰ-কিশোৰীসকল আক্ৰান্ত হোৱাতো স্বাস্থ্য বিভাগৰ মতে কোনো নতুন কথা নহয় ৷ কৰ’ণাৰ প্ৰথম ঢৌত ৰাজ্যত শিশু আক্ৰান্ত হৈছিল আৰু দ্বিতীয় ঢৌতো আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷