তেজপুৰ, ২০ অক্টোবৰ :নতুন দিল্লীত অনুষ্ঠিত হ'ব অসমৰ মহান বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী (Lachit Divas to be held in New Delhi)। এই ঘোষণা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াৰ । তেওঁ উল্লেখ কৰা মতে বীৰলাচিত বৰফুকনৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে ।
যিগৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে সাহস দিছে জীৱনৰ যুদ্ধত প্ৰত্যাহ্বানসমূহৰ আগত থিয় হ'বলৈ সাহস দিছে তেনে এগৰাকী বীৰৰ প্ৰাসংগিকতা সমগ্ৰ দেশতে আছে । তাক তুলি ধৰিবলৈ অসম চৰকাৰে লাচিতৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে বুলি তেওঁ উল্লেখ কৰে ।
এক ব্যক্তিগত ভ্ৰমণসূচী লৈ তেজপুৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছাত্ৰ-ছাত্ৰী সকলে যাতে এই বীৰগৰাকীৰ বিষয়ে আৰু অধিক জ্ঞান আহৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব আৰু সমগ্ৰ অসমতে প্ৰতিখন জিলাতে কেইবাটাও কাৰ্যসূচীৰে এই চাৰিশ বছৰীয়া জন্ম জয়ন্তীত পালন কৰা হ'ব (Lachit Barphukan birth anniversary)। অন্তিম পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।