ৰঙাপৰা,৩১ মাৰ্চ: শোণিতপুৰৰ কঁঠালগুৰি চাহ বাগিচাত শোকাবহ ঘটনা । শুকুৰবাৰে শোণিতপুৰ জিলাৰ ৰূপাজুলিৰ কঁঠালগুৰি চাহ বাগিচাত অকাল মৃত্যুক সাবতি লয় দুজনকৈ শ্ৰমিকে(Labourer died in Sonitpur) । শ্ৰমিক দুজনৰ অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ চাহ বাগিচাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । শুকুৰবাৰে দিনৰ প্ৰায় ১১ মান বজাত সংঘটিত হৈছিল হৃদয় বিদাৰক দুৰ্ঘটনাটো(Labourer died in Rupajuli tea estate) ।
ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাজুলিৰ কঁঠালগুৰি চাহ বাগিচাত থকা কলঘৰটোৰ ওপৰৰ পুৰণি টিনপাতবোৰ মেৰামতি কৰিবলৈ কঁঠালগুৰি চাহ বাগিচাৰ ১০ নং লাইনৰ সুদু তাঁতীৰ পুত্ৰ ৰোহিত তাঁতী আৰু প্ৰয়াত ৰামু তাঁতীৰ পুত্ৰ ছবি তাঁতী উঠি গৈছিল । ঠিক তেনে সময়তে হঠাৎ টিনপাত ভাগি য়োৱাত শ্ৰমিক দুজন তলত বাগৰি পৰে আৰু ঘটনাস্থলীতে দুয়োজন শ্ৰমিকে অকাল মৃত্যুক সাৱতি লয়(Labourer died while repairing tin sheets in Rangapara) ।
লগতে পঢ়ক:Gamocha Controversy in Assam: মূৰ কাটি জোৰা দিয়াটো সমন্বয় নহয়: জনাৰ্দন দেৱ গোস্বামী