অসম

assam

By

Published : Mar 25, 2023, 10:10 PM IST

ETV Bharat / state

Labor mysterious death : অৰুণাচলত তেজপুৰৰ শ্ৰমিকক হত্যাৰ অভিযোগ; আটক গুলজাৰ

প্ৰায় এসপ্তাহ পূৰ্বে অৰুণাচলত ৰহস্যজনকভাৱে মৃত্যু হৈছিল সঞ্জু ওৰাং নামৰ এজন শ্ৰমিক (Labor mysterious death in Arunachal Pradesh ) ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰা হৈছে গুলজাৰ হুছেইন নামৰ এজন অভিযুক্তক ৷

Labor mysterious death
অৰুণাচলত ৰহস্যজনকভাৱে শ্ৰমিকৰ মৃত্যু

তেজপুৰ, ২৫ মাৰ্চ : চুবুৰীয়া ৰাজ্য পশ্চিম অৰুণাচলত অসমৰ এগৰাকী শ্ৰমিকক মৰিয়াই হত্যা কৰাৰ লগতে আৰু আন এগৰাকী শ্ৰমিক নিৰুদ্দেশ হৈ থকাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেজপুৰত (Labor mysterious death in Arunachal Pradesh) । এই সন্দৰ্ভত ইতিমধ্যে আটক কৰা হৈছে এজন অভিযুক্তক ৷ নাম গুলজাৰ হুছেইন ৷

তথ্য অনুসৰি, দেশৰ সেনাৰ বাবে প্ৰয়োজনীয় বাংকাৰ নিৰ্মাণ কৰাৰ বাবে তেজপুৰৰ শিলঘাগৰি অঞ্চলৰ চাৰিজন শ্ৰমিকক হোজাইৰ গুলজাৰ হুছেইন নামৰ এগৰাকী মিস্ত্ৰীয়ে লৈ গৈছিল টাৱাঙলৈ । এদিন টাৱাঙতে কোনো কথাকলৈ শ্ৰমিকসকলৰ সৈতে কথাৰ কটা-কটি হোৱাত মিস্ত্ৰী গুলজাৰ হুছেইনে এডাল বাঁহেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে জিতেন গড় নামৰ এজন শ্ৰমিকক ।

গুলজাৰ হুছেইনৰ প্ৰহাৰত ঘটনাস্থলীতে মৃত্যু হয় শ্ৰমিকজনৰ ৷ আনকি এই ঘটনাৰ পিচতেই সঞ্জু ওৰাং নামৰ আন এজন শ্ৰমিক নিৰুদ্দেশ হৈ পৰে । প্ৰায় এসপ্তাহৰ আগতে সংঘটিত এই ঘটনাটো অন্য এক ৰূপ দিয়াৰ চেষ্টা কৰে অভিযুক্ত গুলজাৰ হুছেইনে ৷

অভিযোগ অনুসৰি, টাৱাঙৰ পাহাৰৰ পৰা পিচলি পৰি শ্ৰমিক জিতেন গড়ৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক অৱগতে কৰে ঠিকাদাৰ আৰু মিস্ত্ৰী গুলজাৰে ৷ লগতে পৰিয়ালৰ লোকক অভিযুক্ত দুগৰাকীয়ে টাৱাঙতে মৃত শ্ৰমিকজনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ প্ৰস্তাৱ দিয়ে । কিন্তু মৃত শ্ৰমিকজনৰ পৰিয়ালৰ লোক অমান্তি হোৱাত মৃতদেহ তেজপুৰলৈ লৈ আনিবলৈ বাধ্য হয়৷ কিন্তু এই ঘটনাৰ পাচতহে পোহৰলৈ আহে অন্য এক তথ্য(Labor mysterious death) ৷

সঞ্জু ওৰাঙক প্ৰহাৰ কৰি থকাৰ সময়ত আছিল জিতেন পাটৰ নামৰ আন এজন শ্ৰমিক ৷ জিতেন পাটৰে সঞ্জু ওৰাঙক হত্যা কৰা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷ ইয়াৰ পাচতে সঞ্জু ওৰাঙৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে শালনীবাৰী আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই শালনীবাৰী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত গুলজাৰ হুছেইনক আটক কৰে ৷ অৱশ্যে আৰক্ষীৰ সন্মুখত অভিযুক্ত গুলজাৰে অস্বীকাৰ কৰিছে সকলো অভিযোগ ।

ইপিনে, অৰুণাচল আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিছে বুলি একাংশই অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক :Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা

ABOUT THE AUTHOR

...view details