তেজপুৰ, ১৩ ছেপ্টেম্বৰ :নৃশংসতাৰ স্মৃতি সুঁৱৰি মঙলবাৰে মণিপুৰৰ কুকি সাম্প্ৰদায়ৰ লোকসকলে 29 বছৰীয়া ক'লা দিৱস পালন কৰে (29th Kuki black day)। মণিপুৰ ৰাজ্যৰ 29 বছৰীয়া ক’লা দিৱসত শোক প্ৰকাশ কৰিবলৈ সমবেত হয় সকলো কুকি বসতিপ্ৰধান অঞ্চলৰ বাসিন্দাসকল৷ ক’লা দিৱস পালন উপলক্ষে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ ৰখা হয় ।
পদ পথত থকা সৰু সৰু স্মৃতিসৌধত ক’লা পতাকা লগাই শোক দিৱস পালন কৰে । আনহাতে বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়সমূহো সম্পূৰ্ণৰূপে বন্ধ ৰাখে । কুকি জনগোষ্ঠীৰ প্ৰতিখন বাসগৃহ আৰু গাঁৱৰ প্ৰৱেশদ্বাৰত ক’লা পতাকা উত্তোলন কৰাৰ লগতে ৰাতিপুৱা গীৰ্জাসমূহত প্ৰাৰ্থনা সভা অনুষ্ঠিত পৰম্পৰা অনুসৰি মৃতকৰ সদগতি কামনা কৰে ।
উল্লেখ্য যে, ১৯৯৩ চনৰ ১৩ ছেপ্টেম্বৰত ইছাক মুইভাৰ নেতৃত্বত নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অব্ নাগালেণ্ড তথা বৰ্তমানৰ NSCN(I M) ৰ নিৰ্দেশনাত নগা আক্ৰমণকাৰীৰ এটা দলে এহেজাৰৰো অধিক নিৰীহ কুকি জনগোষ্ঠীৰ লোকক নৃশংসভাৱে হত্যা কৰিছিল আৰু প্ৰায় ৩৬০ খন কুকি গাঁও নিঃশেষ কৰি পেলাইছিল (NSCN IM attack 1993) ৷ যাৰ ফলত এক লাখতকৈ অধিক কুকি লোকৰ গৃহহাৰা হয় ।