প্ৰথমবাৰৰ বাবে বড়ো ভাষাত কালজয়ী নাট চিৰাজ
প্ৰতি দুইবছৰৰ মূৰে মূৰে প্ৰদান কৰা হ'ব "বাণ থিয়েটাৰ বঁটা" ।এই বঁটাত থাকিব বাণ থিয়েটাৰৰ স্মাৰক, অংগ বস্ত্ৰ ,জাপি আৰু নগদ 20 হাজাৰ টকা ৷ এইবাৰ বাণ থিয়েটাৰ বঁটা আগবঢ়োৱা হ'ব প্ৰযোজক পৰিচালক কৃষ্ণ ৰয়লৈ ।
BAN
তেজপুৰ,3 জুলাই: নটসূৰ্য ফণী শৰ্মা ৰ কালজয়ী নাটক' "চিৰাজ' নাটখনি প্ৰথম বাৰৰ বাবে মঞ্চস্থ হ'ব বড়ো ভাষাত । তেজপুৰৰ অগ্ৰণী সংস্কৃতিক অনুষ্ঠান বাণ থিয়েটাৰে গ্ৰহণ কৰিছে পদক্ষেপ । ইয়াৰ লগতে বাণ থিয়েটাৰত আৰম্ভ হৈছে এমাহ জোৰা নাট্য কৰ্মশালা ।