মিছামাৰী, 21 মে': শোণিতপুৰ জিলাৰ মিছামাৰীত মঙলবাৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সমিতিৰ সদস্যসকল আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বেনাৰ লৈ দুই শতাধিক সদস্যই দিনৰ ১১.৩০ বজাত লাকোপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দক্ষিন লাকোপাৰালৈকে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ৷ পথ নিৰ্মাণ, মিছামাৰীত বিশুদ্ধ খোৱাপানী ব্যৱস্থা, দৰিদ্ৰ পৰিয়ালক গৃহ প্ৰদান, জৱকাৰ্ডৰ অধীনত শ্ৰমদান, অসম চৰকাৰৰ কাম নাই আদি শ্ল’গানেৰে মিছামাৰীৰ আকাশ - বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে ৷ এই কাৰ্যসূচীতে শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মন্তব্য কৰে যে, চৰকাৰৰ কথা আৰু কামৰ মাজত কোনো মিল নাই ৷ চৰকাৰৰ একাংশ প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ জৰিয়তে যি উন্নয়নৰ কাম চলাই আছে সেই উন্নয়নে গাঁৱৰ দৰিদ্ৰ জনতাক ঢুকি নাপাই বুলিও তেওঁ দাবী কৰে ৷
মিছামাৰীত কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সমিতিৰ কৰ্মকৰ্তা আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে মঙলবাৰে শোণিতপুৰৰ মিছামাৰীত এক প্ৰতিবাদী কাৰ্যসূচী উলিয়ায় ৷ দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰা এই প্ৰতিবাদত চৰকাৰ বিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদস্যসকলে ৷
কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ প্ৰতিবাদ : উত্তাল মিছামাৰী
একাংশ শ্ৰমিকে জৱকাৰ্ডৰ জৰিয়তে শ্ৰমদান কৰিছে যদিও আজি ১৫ মাহে মজুৰি লাভ কৰা নাই বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে শ্ৰমিক নেতা গৰাকীয়ে ৷ লাকোপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দক্ষিন লাকোপাৰালৈ যোৱা পথটো অহা ত্ৰিশ দিনৰ ভিতৰত নিৰ্মাণ কৰাৰ লগতে মিছামাৰী অঞ্চলৰ লোকসকলৰ সমস্যাসমূহ অতিশীঘ্ৰে সমাধান নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে প্ৰশান্ত বৈশ্যই ৷