অসম

assam

ETV Bharat / state

Kolia Bhomora bridge closed: 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং - জেনেৰেল কলীয়া ভোমোৰা বৰফুকন

আগন্তুক 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং (Kolia Bhomora bridge to be completely closed ) । কলীয়া ভোমোৰা দ্বিতীয়খন দলঙৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা দলংখন সম্পূৰ্ণ হোৱাৰ পিছত বৰ্তমান পুনৰ মেৰামতি কৰিবলৈ লোৱা দলংখন বন্ধ কৰা হ'ব ৷

http://10.10.50.80:6060///finalout3/assam-nle/finalout/28-October-2022/16771081_gfrgff.mp4
আগন্তুক 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং

By

Published : Oct 28, 2022, 9:03 PM IST

তেজপুৰ, 28 অক্টোবৰ:আগন্তুক 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং (Kolia Bhomora bridge to be completely closed ) । কলীয়া ভোমোৰা দ্বিতীয়খন দলঙৰ সমান্তৰালভাৱে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে বৰ্তমান পুনৰ মেৰামতি কৰিবলৈ লোৱা কলীয়া ভোমোৰা দলংখনৰ ওপৰেৰে যান বাহনৰ চলাচল বন্ধ কৰি নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা কলীয়া ভোমোৰা দ্বিতীয়খন দলঙৰে অহা যোৱা কৰিবলৈ মুকলি কৰা হ’ব । দলংখন মুকলি কৰাৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Kolia Bhomora bridge closed from November1) ৷

আগন্তুক 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং

শুকুৰবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন পৰিসীমিতৰ উপ-সঞ্চালক বিবেক যোশী আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এখন সংবাদযোগে এই কথা ঘোষণা কৰে । ইফালে বিগত ২৩ ছেপ্টেম্বৰত কলীয়া ভোমোৰা দ্বিতীয়খন দলং পৰিদৰ্শন কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজুয়ে (Minister Kiren Rijiju ) এই দলংখন অসমৰ এখন Vital Bridge বুলি মন্তব্য কৰে ৷

আগন্তুক 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং

লগতে মুঠ 588.95 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলংখনে উত্তৰ পাৰৰ সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল হোৱাত সেনাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে । দৈনিক ভাৰতীয় সেনাৰ অহা যোৱাৰ লগতে অন্যান্য সুৰক্ষা বিভাগৰ বাবে এই দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে যথেষ্টখিনি সকাহ হ’ব বুলি তেওঁ কয় ।

উল্লেখ্য যে, এই দলংখন ১৯৭০-৮০ দশকত অৰুণাচল প্ৰদেশৰ পৰা তেজপুৰ হৈ নগাঁও আৰু উজনি অসমৰ ঠাইলৈ যোৱাৰ একমাত্ৰ দলং আছিল । আহোম ৰাজত্বৰ সময়ত আহোমৰ জেনেৰেল কলীয়া ভোমোৰা বৰফুকনৰ দ্বাৰা এই কলীয়া ভোমোৰা পাহাৰৰ সংযোগীকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগী কৰিবলৈ এক প্ৰচেষ্টা হাতত লৈছিল আৰু তাৰ আলমতে পৰৱৰ্তী সময়ত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত 1981 চনত এই কলীয়া ভোমোৰা প্ৰথমখন দলঙৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল ।

আগন্তুক 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং

ইফালে, জীয়া ভৰলী নৈৰ (Jiya Bharali River) ওপৰত চাৰিলেনযুক্ত দলং এখন নিৰ্মাণ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে ৷ পৰৱৰ্তী সময়ত সুদীৰ্ঘ সাত বছৰৰ মূৰত 1987 চনৰ এপ্ৰিল মাহত ৰাইজৰ বাবে এই দলংখন মুকলি কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ।

লগতে পঢ়ক:Asam Sahitya Sabha Election: সাহিত্য সভাৰ সভাপতিৰ দৌৰত ছয়গৰাকী

ABOUT THE AUTHOR

...view details