তেজপুৰ,28 ছেপ্তেম্বৰ: সোমবাৰে তেজপুৰৰ কেইবাটাও দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেজপুৰৰ কলা ভূমিৰ সন্মুখত সন্মিলিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম সাংবাদিক সন্থাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি চিত্ৰ গগৈয়ে শেহতীয়াকৈ অসম আৰক্ষীৰ বাছনি পৰীক্ষাত যি কেলেংকাৰী সংঘটিত হৈছে সেয়া সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নিৰ্দশন বুলি কটাক্ষ কৰে । এই কেলেংকাৰীৰ মূল অভিযুক্ত আজিও মুকলি অৱস্থাত নিৰ্বিঘ্নে ঘূৰি আছে ৷ এই গোচৰৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু চিবিআই-ৰ জৰিয়তে হোৱা উচিত বুলি ব্যক্ত কৰি শীঘ্ৰে এই ঘোষণা কৰিবলৈ গগৈয়ে আহ্বান জনায় মুখ্যমন্ত্ৰীক ৷