তেজপুৰ, ৮ আগষ্ট :ভাৰতৰ ভূমিত চীনা সৈন্যই গাঁও স্থাপন কৰা বুলি বিতৰ্ক চলিছে সংসদৰ মজিয়াত ৷ আনকি এই বিষয়টো লৈ বিৰোধীয়েও চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ বিৰোধীয়ে কেন্দ্ৰ চৰকাৰক চীনা সৈন্যই ভাৰতৰ ভূমিত গাঁও স্থাপন কৰাক লৈ সমালোচনা কৰাৰ মাজতে এই বিতৰ্ক সম্পৰ্কে মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে ৷
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে চীনৰ পি এল এ সৈন্যই যি গাঁও স্থাপন কৰিছে সেয়া ভাৰত চীন যুদ্ধৰ আগতেই স্থাপন হৈছিল ৷ তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰুৰ সময়ত চীনক সেই ভূমি ভাৰতে এৰি দিছিল । পূৰ্বতে সেই অঞ্চলত অসম ৰাইফলছৰ লোকে বাহৰ পাতি সুৰক্ষা প্ৰদান কৰিছিল আৰু সেই ঠাই এৰি দিয়াৰ পিচত ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰিছিল । কিৰেণ ৰিজিজুৱে সংসদত মঙলবাৰে বিয়লি ভাষণ প্ৰদান কৰি কয় যে ,"কোনো বদমাছ সাংবাদিকে একো বিষয় নজনাকৈয়ে এটা প্ৰপাগণ্ডা তৈয়াৰ কৰি বাৰ্তা প্ৰেৰণ কৰে আৰু সেয়াকে সত্য বুলি মানি লৈ বিৰোধী দলে বিশ্বাস কৰে" ।
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সমাপ্তিৰ পিচতে অৰুণাচল প্ৰদেশলৈ উক্ত স্থান পৰিদৰ্শন কৰিবলৈ বিৰোধী দলৰ সাংসদক আমন্ত্ৰণ জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে । উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পূব দিশত সীমান্তৰ সমীপত চীনৰ পি এল এ সৈন্যই গাঁও স্থাপন কৰাৰ তথ্য বিজেপিৰ সাংসদ তাপীৰ গাৱয়ে সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছিল ।