তেজপুৰ, ২৯ জানুৱাৰী: চীনা সৈন্যৰ কৱলৰ পৰা ভাৰতীয় সৈন্যৰ হাতলৈ প্ৰত্যাৱৰ্তন কৰা অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাৱঁৰ অপহৃত মিৰাম টেৰণক আজিও লগপোৱা নাই পৰিয়ালে ৷ পুত্ৰৰ লগত ভালদৰে কথাও পাতিব পৰা নাই বুলি জনালে মিৰামৰ পিতৃ অপাং টেৰণে ৷
মিৰাম টেৰণৰ পিতৃয়ে ইটিভি ভাৰতক জনায় যে, মিৰাম টেৰণ ঘূৰি অহাৰ পিছতে মাত্ৰ কেই ছেকেণ্ডমানৰ বাবেহে পৰিয়ালৰ লগত কথা পাতিছিল ৷ তাৰ পিছত তেওঁ কত আছে আৰু কেতিয়া ঘৰলৈ আহিব একো জানিবলৈ দিয়া হোৱা নাই ।
স্বগৃহত উপস্থিত হোৱা নাই চীনে অপহৰণ কৰা অৰুণাচল প্ৰদেশৰ যুৱক চীনৰ সৈন্যই আটক কৰাৰ সম্পূৰ্ণ ১০ দিনৰ দিনা অৰুণাচলৰ উজনি চিয়াং জিলাৰ অপহৃত মিৰাম টেৰণনক ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ কৰিছিল যোৱা ২৭ জানুৱাৰীত (Hotline exchanged between Indian Army and PLA)৷ পূব অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ কিবেটুৰ সমীপৰ Wacha-Damai নামৰ ভাৰত-চীন সংগমস্থলীত চীনৰ পিএলঅ’ সেনাই ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰিছিল । অৱশ্যে চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত গটাই দিয়াৰ পিছত ভাৰতীয় সেনাই স্বাস্থ্য পৰীক্ষা কৰে আৰু পি পি ই কিট পৰিধান কৰি চীনা সৈন্যই সীমান্তৰৰ সংযোগী পথেৰে লৈ আনাৰ দৃশ্য ৰাজহুৱা কৰিছিল ।
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ Lungtazor নামৰ সীমান্ত এলেকাৰ পৰা ১৮ জানুৱাৰীত মিৰাম টেৰণ নামৰ ১৭ বছৰীয়া যুৱকজনক চীনা সৈন্যই লৈ গৈছিল (Youth found missing in Arunachal Pradesh)। এজন বন্ধুৰ সৈতে ঘৰৰ পৰা চিকাৰ কৰিবলৈ বুলি সীমান্তলৈ গৈছিল মিৰাম টেৰণ । তাতে অথন্তৰ লগাত কোনোমতে লগৰজনে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হৈছিল ।
মিৰাম টেৰণৰ লগত চিকাৰলৈ যোৱা বন্ধুজনক সেনাই মাতি নিয়া বুলিও তেওঁৰ পিতৃয়ে জনায় । অৱশ্যে ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় সীমা নীতিৰ বাবে সেনাই চীনৰ কৱলৰ পৰা উদ্ধাৰ কৰি অনা যুৱকক কেইবাদিনো তেওঁলোকৰ জিম্মাত ৰাখিছিল ৷
উল্লেখ্য যে, অতিকৈ পিছপৰা অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ য়ংক্ৰিয়ং ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত আজিও PMGY ৰ পথ সম্পূৰ্ণ হৈ উঠা নাই । নিশা বৈদ্যুতিক পোহৰৰ অভাৱত স্থানীয় লোকক কেৱল সৌৰশক্তিৰ দ্বাৰা পথৰ দাঁতিত পোহৰ বিলাইছে চৰকাৰে । আনহাতে এই অঞ্চল 34 নং তুটিং-য়ংক্ৰিয়ং বিধান সভা সমষ্টিৰ অন্তৰ্গত, য’ৰ পৰা কেইবাবাৰো অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে গেগং আপাং নিৰ্বাচিত হোৱাৰ উপৰিও বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙে এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰে সীমান্ত উন্নয়ন আঁচনিৰ অধীনত বহুকেইখন আঁচনি গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত অঞ্চলটোত যাতায়তৰ ব্যৱস্থা অতিকৈ পুতৌ লগা অৱস্থাতে আছে ।
লগতে পঢ়ক:#Pegasus: ভাৰতে প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাবে পেগাছাচ স্পাইৱেৰ কিনিছিল: ৰিপৰ্ট