অসম

assam

ETV Bharat / state

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজকঃ ৰাইজে নিৰ্মাণ কৰিবলগীয়া হৈছে পথ ।

By

Published : Jun 30, 2019, 2:48 PM IST

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত

ৰঙাপৰা,30জুনঃ শোণিতপুৰৰ অতি গুৰুত্বপূৰ্ণ এটি পথ হ'ল খনামুখ-তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংযোগী পথচোৱা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খনামুখ তিনিআলিৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈ তেজপুৰ-নগাঁও সংযোগী পথচোৱাৰে নিতৌ শ শ গাড়ী চলাচল হৈ আহিছে । অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত এই পথচোৱা সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে । পথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । পথচোৱা গড়কাপ্তানী বিভাগে মেৰামতি নকৰাৰ ফলত ৰঙাজান, খনামুখ, কেকেৰাজান, মিচিং গাঁও, ৰৌমাৰী, ৰঙাজান মিচিং, ২ নং মিৰি পথাৰ, কেকোকুলি নেপালী, মানশিৰি, ৰাজগড় আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে চৰম দুৰ্ভোগ ভুগি আহিছে । তাৰোপৰি উক্ত পথচোৱাত বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লেতেৰা পানী গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে। ইফালে, পথচোৱাৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ কেইটামান গাত সমূহ স্থানীয় মহিলা সকলে ধন সংগ্ৰহ কৰি শিল-বালি পেলাই পুতি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলক যাতায়তৰ ক্ষেত্ৰত উপযোগী কৰাৰ ব্যৱস্থা কৰে।

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত

ABOUT THE AUTHOR

...view details