নিউজ ডেস্ক, 6 জানুৱাৰীঃ অহা ১০ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া, ২০২০ যুৱ গেমছৰ সজাগতাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত গৈ উপস্থিত হৈছে অগ্নিশিখা ৷ সোমবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁও যোগকেন্দ্ৰত শিখা কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰীৰ পৰা শিখা গ্ৰহণ কৰে চিৰাং জিলাৰ সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম বৰুৱাই । চিৰাং জিলা ক্ৰীড়া বিষয়াৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত খেলো ইণ্ডিয়াৰ সজাগতা অনুষ্ঠানত খেলো ইণ্ডিয়াৰ প্ৰতীক প্ৰদৰ্শন কৰা হয় ।
এই অগ্নিশিখা বিভিন্ন জিলাৰ মাজেৰে গৈ তেজপুৰতো উপস্থিত হয় ৷ আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ এলভিচ আলি হাজৰিকাৰ নেতৃত্বত এটা দলে এই উপলক্ষে তেজপুৰৰ প’ল’ ফিল্ডত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ শোণিতপুৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এই অনুষ্ঠান মুকলি কৰি দৌৰত অংশগ্ৰহণ কৰাৰ লগতে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷